গ্রামীণ জীৱিকা অভিযানৰ কার্যালয় বন্ধ কৰি স্কুটী বিতৰণলৈ গ’ল কর্মচাৰী

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ দ্বাৰা পৰিচালিত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ চন্দ্রপুৰ খণ্ড কার্যালয়ত আজি কার্যালয় খোলা দিনটোত খোল নাখালে দুৱাৰ৷ অর্থাৎ ওৰে দিন বৃহৎ তলা ওলমি থাকিল কার্যালয়ৰ গেটত৷ ফলত অসংখ্য লোকে কার্যালয়লৈ আহি বহু সময় অপেক্ষা কৰাৰ অন্তত উভতি যাব লগা হয়৷ আনকি সাংবাদিকৰ দল এটাও কার্যালয়টোলৈ আহি একেদৰে উভতিবলগীয়া হয়৷

জানিব পৰা মতে, জীৱিকা সখীসকলক স্কুটী বিতৰণৰ উদ্দেশ্যে মহানগৰীৰ বিহুতলীত  এক বিতৰণী অনুষ্ঠানৰ আয়োজন কৰে সংশ্লিষ্ট বিভাগে৷ আশ্চর্যকৰভাৱে এই বিতৰণী অনুষ্ঠানত কার্যালয়টোৰ সকলো বিষয়া–কর্মচাৰী উপস্থিত থকাৰ বাবে কার্যালয়টো বন্ধ ৰখা বুলি জানিবলৈ দিয়ে৷ কার্যালয়টোৰ খণ্ড প্রকল্প প্রবন্ধকৰ দায়িত্বত থকা ৰিংকু হালৈয়ে তেওঁক আনকি যোগাযোগ কৰাত এক অফিচিয়েল অর্ডাৰৰ জৰিয়তে কার্যালয়টোৰ সকলো কর্মচাৰীক বিতৰণী অনুষ্ঠানত উপস্থিত থাকিবলৈ নির্দেশ দিয়া বুলি জানিবলৈ দিয়ে৷

কিন্তু নির্ভৰযোগ্য সূত্রৰ পৰা পোৱা তথ্য অনুসৰি, এনে কোনো চৰকাৰী নির্দেশনা নাই বুলি জানিব পৰা গৈছে৷ তেনে ক্ষেত্রত বিষয়াজনে নিজ খেয়ালখুচি মতে স্কুটী বিতৰণী অনুষ্ঠানৰ দোহাই দি কার্যালয় বন্ধ ৰখা বুলি অভিযোগ উত্থাপন হৈছে৷ ইফালে, কর্মসংস্কৃতি গঢ়ি তোলাৰ বাবে সোণোৱাল নেতৃত্বাধীন চৰকাৰ কঠোৰ হোৱাৰ সময়তে উল্লেখিত কার্যালয়টোৰ এই কাণ্ডই অঞ্চলটোৰ সচেতন মহলৰ মাজতো প্রতিক্রিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷