মালিগাঁৱত ৰেলৰ খুন্দাত অচিনাক্ত যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ গুৱাহাটীৰ মালিগাঁৱৰ সমীপৰ ৰেল পথৰ দাঁতিত শুকুৰবাৰে নিশা ১১ বজাত  এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় তীব্র চাঞ্চল্যৰ। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মালিগাঁৱৰ সমীপৰ ৰেল পথৰ দাঁতিত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে কামাখ্যা ৰেল ষ্টেচনৰ ৰেল আৰক্ষীক খবৰ দিয়ে । পিছত   কামাখ্যা ৰেল ষ্টেচনৰ ৰেল আৰক্ষীৰ লোক ঘটনা স্থলীত উপস্থিত হৈ  মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। বগা ৰঙৰ লংপেণ্ট আৰু আকাশী ৰঙৰ টি চাৰ্ট পৰিধান কৰা মৃত যুৱক জনৰ বয়স ৩৫  বছৰ হব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।  মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচত চিনাক্তকৰণৰ বাবে মৃতদেহটো হাস্পতালখনৰ মৰ্গত ৭২ ঘণ্টাৰ বাবে ৰখা হৈছে বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখ্য যে,ৰেলৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱা বুলি ৰেল আৰক্ষীয়ে দাবী কৰিছে।