শক্তি বিভাগৰ আজব কাণ্ডঃ দুটা বাল্ব জ্বলাওঁতেই এমাহত বিল ৩১,৮০০ টকা

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কিছুমান কাণ্ডজ্ঞানহীন কার্যকলাপে প্রায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ তেনে এক অস্বাভাৱিক কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে নাৰেংগী বিদ্যুৎ উপ সংমণ্ডলৰ অন্তর্গত চন্দ্রপুৰৰ এটা অঞ্চলৰ এগৰাকী গ্রাহকৰ ক্ষেত্রত৷

এখন অস্বাভাৱিক বিলৰ ধনৰ পৰিমাণ দেখি সৰগ ভাগি পৰিছে গ্রাহকজনৰ৷ এই অস্বাভাৱিক বিলখন লাভ কৰিছে তাঁতীমাৰাৰ সতীশ বর্মন নামৰ গ্রাহকগৰাকীয়ে৷ প্রাপ্ত তথ্য অনুসৰি, গ্রাহকজনে শেহতীয়াকৈ যোৱা ডিচেম্বৰ মাহৰ তেওঁৰ ঘৰুৱা সংযোগৰ বিপৰীতে বিদ্যুৎ বিল লাভ কৰিছে৷ বিলখন লাভ কৰাৰ পিছতে মূৰে–কপালে হাত দিবলগীয়া অৱস্থা হৈছে৷

বিলখনত উল্লেখ কৰা মতে, ১ ডিচেম্বৰৰ পৰা পহিলা জানুৱাৰীলৈ খৰচ কৰা বিদ্যুতৰ বিপৰীতে দিবলগীয়া ধনৰ পৰিমাণ হৈছে ৩১,৮৮৪ টকা৷ বিলখনত লিপিবদ্ধ কৰা অনুসৰি ৩১ দিনত গ্রাহকগৰাকীয়ে সর্বমুঠ ৪০১৫ ইউনিট বিদ্যুৎ খৰচ কৰিছে৷ টিভি, ফ্রিজ, ইনভার্টাৰ নথকা তথা মাত্র দুটা লাইট জ্বলোৱা গ্রাহকগৰাকীৰ এনে অস্বাভাৱিক বিল অহাৰ পিছতে ভাগি পৰিছে৷ সাধাৰণতে ১৫০ৰ পৰা ২৫০ৰ ভিতৰত প্রতিমাহত অহা বিলৰ পৰিমাণ কিদৰে আকস্মিকভাৱে ডিচেম্বৰ মাহটোৰ বাবে একত্রিশ হাজাৰ হ’লগৈ তাক লৈ আচৰিত হৈছে গ্রাহকজন৷

জানিব পৰা মতে, গ্রাহকজনে বৃহৎ অংকৰ বিলখন লৈ উপ–সংমণ্ডল কার্যালয়লৈ তাঁতবাতি কাঢ়িছে যদিও এই পর্যন্ত সুফল লাভ কৰা নাই৷ ইফালে প্রাপ্ত তথ্য অনুসৰি, সমগ্র চন্দ্রপুৰ অঞ্চলৰ বহু গ্রাহকৰ এনে অস্বাভাৱিক বিদ্যুৎ বিল আহিছে৷

Comments (0)
Add Comment