হুণ্ডাইৰ নতুন বাহন মুকলি

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ হুণ্ডাই মটৰ ইণ্ডিয়া প্রাইভেট লিমিটেডে ইয়াৰ বহু প্রতীক্ষিত ছেডান অল নিউ হুণ্ডাই আউৰা মুকলি কৰিছে ৷ হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ এম ডি আৰু চি ই অ’ এছ এছ কিমে কয় যে হুণ্ডাই আউৰা প্রথম ছেডান হ’ব য’ত কাপ্পা’ ১, বিএছ–৬ টি জি ডি আই পেট্র’ল আৰু ১.২, বি এছ–৬ ইক’টর্ক ডিজেল ইঞ্জিন দিয়া হৈছে ৷ যাৰ ফলত গ্রাহকে বেছি শক্তি, বেছি প্রদর্শন আৰু ইন্ধন দক্ষতা পাব ৷ হুণ্ডাই আউৰাক বিশেষকৈ যুৱ সম্প্রদায়ৰ হৃদস্পন্দনক স্পর্শ কৰিব পৰা ছেডান হিচাপে বিকশিত কৰা হৈছে ৷ ইয়াত আছে সৌন্দর্য আৰু আধুনিক ডিজাইন, প্রিমিয়াম আৰু আহল বহল ইণ্টেৰি’ৰ সর্বোৎকৃষ্ট লিডিং অহা–যোৱা আৰু প্রযুক্তি আৰু উন্নত আৰু ব্যাপক পাৱাৰট্রেন বিকল্প আৰু মনৰ শান্তি ৷ উন্নত ৮.০ টাচ্চস্ক্রীন, ইনফটেনমেণ্ট, স্মার্টফোন সংযোগ, আর্কমিছ প্রিমিয়াম ধ্বনি, ৫.৩ ডিজিটেল স্পীড’মিটাৰ আৰু বহু ডাটা ডিছপ্লে আৰু ৱায়াৰলেছ চার্জিং আছে ৷

Comments (0)
Add Comment