১.৩৪ লাখ টকাভর্তি বেগ ওভতাই দিলে যাত্রীক

নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ কেবচালক ছাইদুল ইছলামে যাত্রীয়ে এৰি থৈ যোৱা ১.৩৪ লাখ টকাভর্তি এটা বেগ ঘূৰাই দি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে৷ তিনি দিন পূর্বে গোপাল শর্মা নামৰ এজন যাত্রীক ছাইদুলে ফাঁচিবজাৰৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ নিছিল৷ অসাৱধানবশতঃ যাত্রী গোপাল শর্মাই গাড়ীতে টকাৰ বেগটো এৰি যায়৷ চালক ছাইদুলে টকাৰ বেগটো নিজৰ জিম্মাত ৰাখি ফাঁচিবজাৰ আৰক্ষীৰ সহযোগত গোপাল শর্মাক গতাই দিয়ে৷ ছাইদুল বিগত দুদিন ধৰি বাহিৰত থকাত যাত্রী শর্মাৰ সৈতে যোগাযোগ কৰাত ব্যর্থ হৈ আছিল৷ ছাইদুলৰ এই মহানুভৱতাৰ শলাগ লৈছে সকলোৱে।