ৰাস্তাত নহয়, পানীত চলিছে এখন ৰিক্সা

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ আপুনি কাহানিও নেদেখা এখন ছবি। ৰাস্তাই-ঘাটে আপুনি হয়তু বহু ৰিক্সা দেখিছে হয়তু উঠিছেও। কিন্তু জলৰিক্সাৰ কথা হয়তু কেতিয়াও শুনা নাই বা দেখা নাই। উত্তৰ গুৱাহাটীৰ এজন যুৱকৰ অভিনৱ উদ্ভাৱন। অতি সাধাৰণ সামগ্ৰীৰে সাজি উলিয়াইছে এখন পানীত চলা ৰিক্সা।

             উত্তৰ গুৱাহাটীৰ পংকজ নাথ নামৰ যুৱকজনে কাঠ, বাঁহ, গাড়ীৰ টিউবৰ সহায় লৈ সাজি উলিয়াইছে ৰিক্সাখন। এই জল ৰিক্সাখনত উঠিব পাৰে ২জনৰ পৰা ৩জন যাত্ৰী। জলৰিক্সা চাবলৈ এতিয়া উত্তৰ গুৱাহাটীৰ ৰাইজৰ উৎকণ্ঠা বৃদ্ধি পাইছে। সঘনে বানপানী হোৱা অঞ্চল সমূহৰ ৰাইজে এই ৰিক্সাখনৰ জৰিয়তে কিছু সকাহ পাব বুলিও মন্তব্য কৰে স্থানীয় লোকে।

Comments (0)
Add Comment