মহানগৰীত ১০ দিনত ৩,৩৯৫জন আক্রান্ত

গুৱাহাটীত ক’ভিডৰ ভয়াৱহ সংক্রমণঃ হটস্পট চানমাৰি–ৰাজগড়–বশিষ্ঠপুৰ

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিগত ১০টা দিনত কেৱল গুৱাহাটী মহানগৰীতে ক’ভিডত আক্রান্ত হৈছে ৩৩৯৫জন লোক৷ ক’ভিডৰ সংক্রমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ পিছতো একাংশ লোকে ক’ভিড বিধি উলংঘাৰে মহানগৰীৰ বজাৰ–সমাৰ, শ্বপিং মল আদিত ভিৰ কৰিছে৷ মাস্ক পৰিধান নকৰাকৈ একাংশ লোকে ওলোৱা–সোমোৱা কৰি থকাত অনাগত দিনত ক’ভিডে আৰু ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ চলিত বর্ষৰ পহিলা জানুৱাৰীৰ পৰা আজিলৈকে ক’ভিডত আক্রান্তৰ সংখ্যা তিনি হাজাৰৰ ঘৰ অতিক্রম কৰিছে৷ পহিলা জানুৱাৰীত ৭৬, ২ জানুৱাৰীত ৭৮, ৩ জানুৱাৰীত ১৬৪, ৪ জানুৱাৰীত ১৯০, ৫ জানুৱাৰীত ২৭৯, ৬ জানুৱাৰীত ৩৬৯, ৭ জানুৱাৰীত ৫১৭, ৮ জানুৱাৰীত ৪৭২, ৯ জানুৱাৰীত ৪৯০ আৰু ১০ জানুৱাৰীত ৭৬০জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ইফালে, জনসচেতনতাৰ অভাৱৰ বাবেই ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱা বুলি মন্তব্য কৰিছে জি এম চি এইচৰ অধীক্ষক ড০ অভিজিৎ শর্মাই৷ ক’ভিডৰ পৰা বাচি থাকিবলৈ মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ড০ শর্মাই মহানগৰবাসীক আহ্বান জনাইছে৷ অধীক্ষক ড০ শর্মাই জানিবলৈ দিয়া মতে, চানমাৰি, ৰাজগড় আৰু বশিষ্ঠপুৰ অঞ্চল ক’ভিডৰ হটস্পটত পৰিণত হৈছে৷