ছমাহত ১৩.৬৬ কোটি ৰাজহ সংগ্রহ জিলা পৰিবহণৰ

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ আমিনগাঁওস্থিত কামৰূপ জিলাৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ে পহিলা এপ্রিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে ১৩,৬৬,৬৫,৮০৫ কোটি টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷

কামৰূপ জিলাৰ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই সদৰী কৰা অনুসৰি ক’ভিডৰ ভয়াৱহতা সত্ত্বেও কার্যালয়ৰ যান–বাহন পৰিদর্শক, প্রৱর্তক পৰিদর্শক আৰু সমূহ কর্মচাৰীৰ সমূহীয়া প্রচেষ্টাত ক’ভিডৰ প্রত্যাহ্বান নেওচি কাম কৰা বাবে বিগত ছটা মাহত ১৩.৬৬ কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্রহ কৰিব পৰা গৈছে৷

পৰিবহণ মন্ত্রীৰ নির্দেশৰ পিছতেই যোৱা জুলাই মাহৰ পৰা ব্যৱসায়িক আৰু ব্যক্তিগত যান–বাহনসমূহৰ গৰাকীসকলক জিলাখনৰ গুৰুত্বপূর্ণ ৰাজহুৱা স্থান, বাছ ৰখোৱা আস্থান আদিত যান–বাহন পৰিদর্শক, প্রৱর্তক পৰিদর্শক, সহকাৰী প্রৱর্তক পৰিদর্শক, প্রৱর্তক চেকাৰসকলে শিবিৰ পাতি গোহাৰি পত্র বিতৰণ কৰি বছৰ বছৰ ধৰি যাৱতীয় বা বকেয়া কৰ আদায় নিদিয়াকৈ থকা বাহনসমূহক ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰ আদায় দিয়াৰ বাবে আহ্বান জনাই সজাগতা অভিযান চলোৱা হৈছিল৷