ছুৰীৰে নৃশংসভাৱে হানিছিল ১৫বাৰ

আৰক্ষীৰ হাতত ডিম্পল হত্যাকাণ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ উজানবজাৰৰ জনাকীর্ণ ৱার্ড ষ্ট্রীটত সম্পর্কীয় ভাতৃ আশ্বিক গুপ্তাই অতি নৃশংসভাৱে হত্যা কৰিছিল ভগ্ণী ডিম্পল কুমাৱাটক৷ শেহতীয়াকৈ আৰক্ষীয়ে লাভ কৰিছে ডিম্পলৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন৷ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন ৰাজহুৱা কৰা নাই৷ অৱশ্যে আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি ঘাতক আশ্বিক গুপ্তাই ডিম্পলৰ শৰীৰত ছুৰীৰে ১৫বাৰকৈ হানি–খুঁচি আক্রমণ কৰিছিল৷ ডিম্পলৰ মূৰত পটাগুটিৰে তীব্র জোৰে আঘাত কৰাৰ ফলত ব্রেইন হেমা’ৰাইজ হৈ ডিম্পলৰ মৃত্যু হৈছিল৷ আৰক্ষীয়ে ডিম্পল হত্যাকাণ্ডৰ চার্জশ্বীট ইতিমধ্যে প্রায় সম্পূর্ণ কৰিছে৷ ফৰেনছিক আৰু ফিংগাৰ প্রিণ্টৰ ৰিপ’ট আৰক্ষীয়ে লাভ কৰিলেই ডিম্পল হত্যাকাণ্ডৰ চার্জশ্বীট দাখিল কৰিব৷

লতাশিল থানাত ৰুজু হোৱা ৩০৩/২১ নম্বৰৰ ডিম্পল হত্যাকাণ্ডৰ গোচৰটোৰ তদন্ত প্রায় সম্পূর্ণ হোৱাৰ পথত৷ ইতিমধ্যে ঘাতক আশ্বিকেও ডিম্পলক অতি নৃশংসতাৰে হত্যা কৰা বুলি স্বীকাৰ কৰিছে৷ ড্রাগ্ছ আসক্ত আশ্বিকে অতি নৃশংসতাৰে ডিম্পলক হত্যা কৰিছিল৷ ডিম্পলে চিগাৰেট সেৱন কৰিব বিচৰাত বাধাৰ দিয়াৰ বাবে কাজিয়াৰ সূত্রপাত হোৱা বুলি আৰক্ষীক ঘাতক আশ্বিকে স্বীকাৰোক্তি দিছে৷ কিন্তু ১৩ বছৰীয়া ডিম্পলে চিগাৰেট সেৱন নকৰে বুলি পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে স্পষ্ট কৰি দিছে৷ চিগাৰেট সেৱনত বাধা দিয়াৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি আশ্বিকে আৰক্ষীক দিয়া স্বীকাৰোক্তিক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ডিম্পলক প্রকৃততে কি কাৰণত আশ্বিকে হত্যা কৰিলে সেই ৰহস্য আৰক্ষীয়ে আজিও ভেদ কৰিব নোৱাৰিলে৷