মহানগৰীৰ ক’ত নিৰ্মাণ হ’ব চাৰিলেনযুক্ত উৰণীয়া সেতু ?

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ। বৰ্ধিত যানযঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত নিৰ্মাণ হ’ব আৰু এখন উৰণীয়া সেতু। অক্টোবৰৰ ভিতৰত চাৰিলেনযুক্ত উৰণীয়া সেতুৰ কাম আৰম্ভ হ’ব বুলি ইতিমধ্যে টুইটাৰযোগে জনাইছে ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে উৰণীয়া সেতুখনৰ কেইখনমান 3D ফটো প্ৰকাশ কৰিছে।

উল্লেখ্য যে এই উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য হ’ব ২.৯ কিলোমিটাৰ। এই উৰণীয়া সেতুখন মালিগাঁৱৰ পৰা কামাখ্যা গে’টলৈ হ’ব।

DR. HIMANTA BISWA SARMAFeatured