৬ জ’নত ৰাজহ সংগ্রহৰ নির্দেশ জিএমচিৰ

নিয়মীয়া বাৰ্তা ১১ জুনঃ গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ ছটা জ’নত ৰাজহ সংগ্রহ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি কেইবাগৰাকী বিষয়াক দায়িত্ব অর্পণ কৰিছে পৌৰ আয়ুক্তই৷ পৌৰ আয়ুক্ত দেৱাশিস শর্মাই কেন্দ্রীয় আৰু দক্ষিণ জ’নত অতিৰিক্ত পৌৰ আয়ুক্ত পুলক মহন্ত, লখৰা জ’নত যুটীয়া আয়ুক্ত সত্যজ্যোতি বৰুৱা, পশ্চিম জ’নত যুটীয়া আয়ুক্ত সিদ্ধার্থ গোস্বামী, দিছপুৰ জ’নত পৌৰ সচিব আদিত্য গগৈ আৰু পূব জনত কালেক্টৰ নৱদীপ চাংমাইক দায়িত্ব অর্পণ কৰে৷ তদুপৰি দায়িত্ব অর্পণ কৰা প্রতিগৰাকী বিষয়াক সংশ্লিষ্ট জ’ন নিয়মীয়াকৈ পৰিদর্শন কৰাৰ উপৰি ৰাজহ সংগ্রহৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে পৌৰ আয়ুক্ত শর্মাই নির্দেশ দিছে৷ ব্যৱসায়িক অনুজ্ঞাপত্রকে ধৰি জি এম চিৰ অধীনস্থ অন্যান্য ক্ষেত্রৰ এশ শতাংশ ৰাজহ সংগ্রহ কৰাৰ বাবে পৌৰ নিগমে এই পদক্ষেপ গ্রহণ কৰিছে৷