গুৱাহাটীৰ নাৰেংগীত অজগৰে ভক্ষণ কৰিলে ছাগলী

নিয়মীয়া বার্তা, ১৪ এপ্রিলঃ নাৰেংগীৰ কেন্দুগুৰিত কালি এডাল প্রকাণ্ড অজগৰ সাপে জীৱন্তে এটা ছাগলী ভক্ষণ কৰা ঘটনাক লৈ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, কেন্দুগুৰিৰ বিমল দাসৰ ঘৰৰ পিছফালে এটা ছাগলী বান্ধি থৈছিল৷ পাহাৰৰ পৰা নামি অহা এডাল প্রকাণ্ড অজগৰে ছাগলীটোক ভক্ষণৰ চেষ্টা চলাই আছিল৷

ছাগলীৰ চিঞৰ শুনি ঘৰৰ গৰাকী ঘটনাস্থলীত উপস্থিত হৈ অজগৰডালে ছাগলীটো ভক্ষণ কৰা প্রত্যক্ষ কৰে৷ লগে লগে নাৰেংগীৰ খণ্ড বন বিষয়াক ঘটনাৰ বিষয়ে অৱগত কৰে৷

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱাৰ পূর্বেই অজগৰডালে ছাগলীটো ভক্ষণ কৰে৷ বন বিভাগে অজগৰডাল উদ্ধাৰ কৰি আমচিং অভয়াৰণ্যত এৰি দিয়ে৷