জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে উত্তেজিত ৰাইজৰ ক্ষোভ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তর্গত পশ্চিম জালুকবাৰীৰ খানামুখ, লংকেশ্বৰ আদি অঞ্চলত অদ্যাপি অব্যাহত আছে মাটি বেদখলকাৰী দুর্বৃত্ত আৰু দালাল চক্রৰ তাণ্ডৱ৷ চৰকাৰী মাটিৰ লগতে সুযোগ বুজি দুর্বৃত্ত আৰু দালাল চক্রই ভাবুকি দি আনৰ ম্যাদী পট্টাৰ মাটিও বেদখল কৰি কৌশলেৰে বিক্রী কৰি আহিছে৷ বিশেষকৈ খানামুখ চেকগেটৰ লগতে কাষৰীয়া হৰিদেৱ নগৰ, ৰঙাআলি, কাহিলাপাৰ আদিত মাটি বেদখলকাৰী চক্রৰ তাণ্ডৱে চৰম সীমা অতিক্রম কৰাত অঞ্চলটোত মাটি বেদখলক কেন্দ্র কৰি যিকোনো মুহূর্ততে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আকাংক্ষা ব্যক্ত কৰিছে সচেতন নাগৰিকসকলে৷ বিশেষকৈ অভিযোগ দাখিল কৰাৰ পিছতো জালুকবাৰী আৰক্ষী চকীয়ে তেনে দুর্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰাত দুর্বৃত্তৰ দলসমূহে গুৰু গোসাঁই নমনা হৈ পৰিছে৷ উল্লেখ্য যে ২ ফেব্রুৱাৰীত খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কমপ্লেক্সৰ গাতে লগা এডোখৰ চৰকাৰী মাটি বেদখল কৰিবলৈ এএছ–০১–এএম–১৮১৮ নম্বৰৰ স্ক’ৰপি’ বাহনত আহিছিল এটা পাঁচজনীয়া দুর্বৃত্তৰ দল৷ অহাৰ সময়ত দাদাগিৰি কৰি ৰূপকোঁৱৰ হাউছিং কমপ্লেক্স নামৰ সম্পূর্ণ ব্যক্তিগত চৌহদৰ মাজেৰে আহি তেওঁলোকে এনাজৰী মহিলা সমিতিয়ে ব্যৱহাৰ কৰি অহা আৰু ৰাজহুৱা স্বার্থত সংৰক্ষণ কৰি ৰখা মাটিখিনি বেদখল কৰিবলৈ চেষ্টা চলায়৷ কিন্তু মহিলা সমিতিৰ কর্মকর্তাসকলে বাধা দিয়াত দুর্বৃত্তৰ দলটোৱে মহিলা সমিতিৰ কর্মকর্তাসকলক অতি অশ্লীল–ভব্য আচৰণ কৰি প্রাণনাশৰ ভাবুকি দিয়ে৷ মহিলা সমিতিৰ কর্মকর্তাসকলে অতি ভদ্রভাৱে অনুনয়–বিনয় কৰাত সিদিনাৰ বাবে দুর্বৃত্তৰ দলটো আঁতৰি যায়৷ কিন্তু ১৪ ফেব্রুৱাৰীত দুপৰীয়াৰ ভাগত দুর্বৃত্তৰ দলটোৱে পাছফালৰ পৰা জেচিবি লৈ আহি মহিলা সমিতিৰ মাটিৰ বেৰ, ছাইন ব’ড আদি ভাঙি চৰকাৰী মাটিখিনি বেদখল কৰে৷ এই সন্দর্ভত পিছদিনা ১৫ ফেব্রুৱাৰীত এনাজৰী মহিলা সমিতিয়ে জালুকবাৰী আৰক্ষী চকীত দুর্বৃত্তৰ দলে ব্যৱহাৰ কৰা বাহনৰ (এএছ–০১–এএম–১৮১৮) নম্বৰসহ এজাহাৰ দাখিল কৰে যদিও এইপর্যন্ত আৰক্ষীয়ে মহিলা সমিতিৰ কর্মকর্তাসকলক ভাবুকি দিয়া কোনো দুর্বৃত্তক আটক কৰা নাই৷