আজাৰাত ৰমেন্দ্র নাৰায়ণ কলিতাৰ ১২খন নির্বাচনী সভা

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ  মিত্ৰজোঁটৰ  হৈ অগপৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ প্রার্থী বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই আজাৰা গাঁও পঞ্চায়ত এলেকাত আজি ১২খনকৈ সভাৰে নির্বাচনী প্রচাৰ চলায়৷ বিধায়কগৰাকীয়ে এলেকাটোৰ লালুংগাঁও, গাৰোঘুলি, নোৱাগাঁও, চকর্দো, বৰিপাৰা, ঠাকুৰীয়াপাৰা, হাটখোৱাপাৰা, উদয়ন, হীৰাপাৰা, কেওটপাৰা,বৰবৰী, লাপাতুলত নির্বাচনী প্রচাৰ চলাই সমষ্টিটোৰ উন্নয়ন আৰু মিত্রজোঁটৰ চৰকাৰ প্রতিষ্ঠাৰ বাবে ৰাইজক অগপ দলক ভোট দিবলৈ আহ্বান জনায়৷ ভাষণ প্রসংগত তেওঁ পশ্চিম গুৱাহাটী সমষ্টিৰ সর্বাংগীণ উন্নয়নৰ ক্ষেত্রত যিখিনি আধৰুৱা কাম আছে সেইখিনি সমাধানৰো প্রতিশ্রুতি দিয়ে৷ প্রচাৰ সভাত অগপৰ সম্পাদক সুভাষ শর্মা, বিজেপিৰ নেতা প্রশান্ত মহন্ত, তপন দাস, হৰকান্ত নাথ আদি কৰি কেইবাগৰাকী নেতাই অংশগ্রহণ কৰে৷