বশিষ্ঠ নৈৰ পাৰত সন্দেহজনক লোকৰ বেদখল

জিলা প্রশাসন–পৌৰ নিগমৰ অজ্ঞাতে নিশাৰ ভিতৰতে সাজিছে জুপুৰি

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  মহানগৰীৰ বশিষ্ঠ নৈৰ দুয়োকাষে গঢ়ি উচিছে অবৈধ বসতি৷ নিশাৰ ভিতৰতে জুপুৰি সাজি নৈৰ পাৰত বসবাস কৰা লোকসকলে পৰিৱেশ বিনষ্ট কৰাৰ লগতে নৈখনত প্লাষ্টিকৰ লগতে অন্যান্য আৱর্জনা পেলাই নৈখন পুতি পেলাইছে৷ বশিষ্ঠ নৈৰ পাৰত নিশাৰ ভিতৰতে ক’ৰ পৰা এই লোকসকল আহি জুপুৰি সাজি বসতি স্থাপন কৰিছে সেয়া এক সাঁথৰ৷ জিলা প্রশাসন তথা পৌৰ নিগমৰ অজ্ঞাতে নৈৰ পাৰত জুপুৰি সাজি বসবাস কৰা এই লোকসকলৰ অধিকাংশই সন্দেহযুক্ত বুলি অভিযোগ উত্থাপিত হৈছে৷ একাংশ স্থানীয় লোকে অভিযোগ কৰা মতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা আহি নিশাৰ ভিতৰতে চালিঘৰ সাজি বসতি স্থাপন কৰা লোকসকলে নৈৰ পাৰৰ পৰিৱেশ বিনষ্ট কৰিছে৷ তদুপৰি আন একাংশই গুৱাহাটী পৌৰ নিগমৰ বিনা অনুমতিত নৈৰ পাৰত দোকান–পোহাৰ সাজি অবৈধ ব্যৱসায় চলাই আহিছে৷ নৈৰ পাৰত গঢ়ি উঠা অবৈধ দোকান পোহাৰত আনকি একাংশই মুকলিভাৱে গাঞ্জা আৰু অন্যান্য নিচাজাতীয় সামগ্রী বিক্রী কৰি আহিছে৷ বিশেষকৈ বশিষ্ঠ নৈৰ খানকাহস্থিত দলঙৰ পৰা সিজুবাৰী মাঝাৰ আৰু নটবমালৈ নৈৰ পাৰত শ শ লোক বসতি স্থাপন কৰা পৰিলক্ষিত হৈছে৷ ইপিনে, ভেটাপাৰা পাইকাৰী মাছৰ বজাৰৰ সমীপতো নৈৰ পাৰত একাংশ লোকে বসতি স্থাপন কৰি দীর্ঘদিন ধৰি বসবাস কৰি আহিছে৷ ইপিনে, নৈৰ পাৰত জুপুৰি সাজি বসবাস কৰা লোকৰ একাংশই মহানগৰীত বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ কিন্তু কাৰ ছত্রছায়াত নৈৰ পাৰত বসতি স্থাপন হৈছে সেয়া এক সাঁথৰ৷ অৱশ্যে নৈৰ পাৰত গঢ়ি উঠা দোকান–পোহাৰৰ পৰা একাংশ উদণ্ড যুৱকে নিতৌ গুণ্ডাকৰ সংগ্রহ কৰি এনে সন্দেহযুক্ত লোকসকলক ৰক্ষণাবেক্ষণ দিয়া বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ তদুপৰি নৈৰ পাৰত গঢ়ি উঠা ডেম্পত চোৰাং সামগ্রী বিক্রী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ আৰক্ষী–প্রশাসনৰ চকুৰ সন্মুখতে বশিষ্ঠ নৈৰ পাৰত মুকলিভাৱে নিচাজাতীয় সামগ্রী বিক্রী কৰাৰ উপৰি নিতৌ জুৱাৰ আড্ডা পাতি আহিছে যদিও আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ অবৈধভাৱে নৈৰ পাৰত বসতি স্থাপন কৰি একাংশই অসামাজিক কার্যকলাপত জড়িত থকাৰ লগতে নিতৌ নৈখন সংকুচিত কৰি আহিছে যদিও বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ সেয়ে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষী–প্রশাসনক আহ্বান জনাইছে৷