বেলতলাৰ নৃশংস হত্যাকাণ্ডঃ ন ন তথ্য ফাদিল

নিয়মীয়া বাৰ্তা ২৭ অক্টোবৰঃ   ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যাকাণ্ডৰ দৰে ঘটনা। মঙলবাৰে গুৱাহাটীৰ বেলতলাত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ছাৰ্ভেৰ চন্দন নগৰত শোৱাপাটীতেই চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰা হৈছিল বৃদ্ধ দম্পতীক।  মৃত দম্পতীহাল   ননী গোপাল বৰুৱা আৰু মীনা বৰুৱা।

আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্তত সকলো কথা চালি-জাৰি চাই মহানগৰ আৰক্ষী আয়ুক্তই উক্ত হত্যাকাণ্ডত কেয়াৰ টেকাৰ আকাশ চৌধুৰী জড়িত থকাৰ ইংগিত প্ৰদান কৰিছে ৷ উল্লেখ্য যে, ফৰেনছিক লেবৰেটৰীত বৰুৱা দম্পতীৰ বাসগৃহৰ সকলো দুৱাৰ আৰু অন্যান্য সামগ্ৰীত থকা আকাশ চৌধুৰীৰ আঙুলিৰ চাপ স্পষ্ট ৰূপত ধৰা পৰিছে।

মন কৰিবলগীয়া যে ননী গোপাল বৰুৱাই ক’ত কিমান টকা বিনিয়োগ কৰিছিল সেয়া সকলো জানিছিল আকাশ চৌধুৰীয়ে ৷

মৃত ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ ম’বাইল ফোন দুটাও পোৱা নাই আৰক্ষীয়ে ৷

ইতিমধ্যে হত্যাৰ গোচৰ ৰুজু হৈছে আকাশৰ বিৰূদ্ধে। গোচৰ নম্বৰ 3900/21 US 458/380/302 IPC ধাৰা সংযোজন কৰিছে আকাশ চৌধুৰীৰ বিৰুদ্ধে। স্বাস্থ্য পৰীক্ষাৰ অন্তত আজিয়ে আৰক্ষীয়ে CJM আদালতত হাজিৰ কৰিব আকাশক। মুম্বাইত থকা জীয়ৰী সোণালী বৰুৱাই মঙলবাৰে নিশা ৰুজু কৰিছিল গোচৰ।

 

Featured