নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ পানীখাইতী আৰক্ষী চকীৰ অন্তর্গত বেঙেনাবাৰীত ঘাঁহ কাটিবলৈ যোৱা মহিলাক প্রহাৰ কৰি বিহাৰৰ যুৱক এজন ৰঙাঘৰৰ আলহী হ’বলগীয়া এক ঘটনা সংঘটিত হৈছে৷ যুৱকজনৰ আক্রমণত মহিলাগৰাকীৰ উপৰি এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা বুলি জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য অনুসৰি, বেঙেনাবাৰী অঞ্চলৰ ৰমতি দেৱী আৰু নেপাল মাহতো নামৰ যুৱক এজনে নৈৰ পাৰত ঘাঁহ কাটি আছিল৷ তেনেতে এজন যুৱকে সেই স্থানত উপস্থিত হৈ কোনো কাৰণ নোহোৱাকৈ প্রথমে তর্কাতর্কি আৰু পিছত আকস্মিকভাৱে লাঠীৰে মহিলাগৰাকীক প্রহাৰ কৰে৷ মহিলাগৰাকীক উপর্যুপৰি প্রহাৰ কৰা দেখি ওচৰতে থকা নেপাল মাহতোৱে বাধা দিবলৈ অহাত তেওঁকো বেয়াকৈ কোবাই গুৰুতৰভাৱে আঘাত কৰে৷ তাৰ পিছত ভুক্তভোগী মহিলা আৰু যুৱকজনে পানীখাইতী আৰক্ষীক এখন এজাহাৰ দাখিল কৰে৷ সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (বি)/৩২৩/৩২৫/৩২৬/৫০৬ ধাৰাৰ অধীনত ৩৭৩ নম্বৰত এটা গোচৰ ৰুজু কৰি আক্রমণকাৰী মিথুন কুমাৰ (১৮) নামৰ যুৱকজনক আটক কৰি আজি আদালতত হাজিৰ কৰোৱাৰ পিছত জে’ললৈ প্রেৰণ কৰিছে৷ আনহাতে, আহত মহিলা আৰু যুৱকজনক চিকিৎসালয়লৈ প্রেৰণ কৰিছে আৰক্ষীয়ে৷