ৰে’লৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ মহানগৰীৰ পার্শ্বৱর্তী বোন্দাৰ চপাইডাং পথত থকা উন্মুক্ত লেভেল ক্রছিং আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ দুর্ঘটনা৷ এই দুর্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এজন লোক৷ জানিব পৰা মতে উজনিমুৱা ৰে’ল এখনে খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুর্ঘটনাটো৷ পুৱা প্রায় চাৰে সাত বোন্দাৰ সুৰুজ নগৰৰ বাসিন্দা নাৰায়ণ কোচ আৰু অঞ্জন কোচ নামৰ দুই ভাতৃয়ে নিজৰ পালছাৰ বাইকখনেৰে নাৰেংগীৰ পৰা গৃহাভিমুখে গৈ আছিল৷

সেই সময়ত উন্মুক্ত লেভেল ক্রছিংটো আবদ্ধ কৰি এখন ৰে’ল ৰৈ থকাৰ বিপৰীতে উজনিমুৱা আন এখন ৰে’ল আছিল কিছু দূৰত৷ কিছু মুহূর্তত ভিতৰত লেভেল ক্রছিংত ৰৈ থকা ৰে’লখন আঁতৰি যোৱাত বাইক আৰোহী দুজনে ৰে’লআলি পাৰ হ’বলৈ লওঁতেই কিছু দূৰত ৰৈ থকা ৰঙিয়া–তিনিচুকীয়া উজনিমুৱা ৰে’লখনে মহটিয়াই নিয়ে বাইক আৰোহী ভাতৃদ্বয়ক৷ তীব্রবেগী ৰে’লখনৰ খুন্দাত পিছত বহি থকা জ্যেষ্ঠ ভাতৃ অঞ্জন কোচ বহু দূৰলৈ ছিটিকি পৰাৰ বিপৰীতে বাইকসহ কনিষ্ঠ ভাতৃ নাৰায়ণ কোচক বহু দূৰলৈ চোঁচৰাই নিয়ে ৰে’লখনে৷

ফলত বাইকখন চূৰমাৰ হোৱাৰ উপৰি থিতাতে নিহত হয় নাৰায়ণ কোচ৷ লগে লগে হুৱাদুৱা লগাত গুৰুতৰভাৱে আঘাত পোৱা অঞ্জন কোচক স্থানীয় ৰাইজে আৰু আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ কৰে৷ পৰৱর্তী সময়ত ৰে’ল আৰক্ষীয়ে নিহত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে৷ এই অনাকাংক্ষিত ঘটনাটোৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য যে এই বোন্দা–চপাইডাং পথত থকা উন্মুক্ত লেভেল ক্রছিংটোৰে দৈনিক হাজাৰ হাজাৰ লোকে চলাচল কৰে৷ সেই দিশৰ প্রতি লক্ষ্য কৰি অঞ্চলবাসীয়ে দীর্ঘদিনৰ পৰা নির্দিষ্ট স্থানত এটা লেভেল ক্রছিং স্থাপনৰ বাবে ৰে’ল বিভাগক দাবী জনাই আহিছে যদিও ৰে’ল কর্তৃপক্ষই আজিপর্যন্ত কোনো পদক্ষেপ গ্রহণ কৰা নাই