মহানগৰ বিজেপিৰ হোৱাটছএপ নম্বৰ মুকলি

গুৱাহাটীবাসীৰ সমস্যা সমাধানৰ লক্ষ্য

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   গুৱাহাটী মহানগৰবাসীৰ সমস্যা সমাধানৰ অর্থে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে শুকুৰবাৰে এক হোৱাটছএপ নম্বৰ মুকলি কৰে৷ দিনৰ ২ বজাত জিএছ ৰোডস্থিত মহানগৰ জিলাৰ কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত প্রাক্তন মেয়ৰ তথা গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগেন শৰণীয়াই ৮৮২২৬–৬৯২৩৯ হোৱাটছএপ নম্বৰ মুকলি কৰে৷ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তী উপলক্ষে মহানগৰ জিলাই গুৱাহাটীবাসী ৰাইজৰ সমস্যা সমাধানৰ অর্থে এনে পদক্ষেপ গ্রহণ কৰে৷ হোৱাটএছএপ নম্বৰ মুকলি কৰি সভাপতি মৃগেন শৰণীয়াই কয় যে গুৱাহাটী পৌৰ নিগমৰ অন্তর্গত গুৱাহাটীবাসী ৰাইজৰ বিভিন্ন সমস্যা এই নম্বৰযোগে অৱগত কৰিব পাৰিব৷ ৰাইজৰ অভিযোগসমূহ বিভাগীয় বিষয়াৰ লগত আলোচনা কৰি সমাধান কৰাৰ চেষ্টা চলাব মহানগৰ জিলা সমিতিয়ে৷