নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ চন্দ্রপুৰৰ এটা আধাৰ সেৱা কেন্দ্রত আধাৰৰ আবেদন গ্রহণ প্রক্রিয়াত ব্যাপক হাৰত ধন সংগ্রহ কৰি থকা প্রসংগত শুকুৰবাৰে চৰজমিন তদন্ত কৰে কামৰূপ মহানগৰ জিলাৰ এগৰাকী অতিৰিক্ত উপায়ুক্তই৷ প্রাপ্ত তথ্য অনুসৰি উপায়ুক্তৰ নির্দেশমর্মে অতিৰিক্ত উপায়ুক্ত ধ্রুৱজ্যোতি হাজৰিকাই সেৱা কেন্দ্রটোত উপস্থিত হৈ তদন্ত কৰে৷ উল্লেখ্য যে চন্দ্রপুৰ গাঁও পঞ্চায়ত কার্যালয় চৌহদত শেহতীয়াকৈ পুনৰ আধাৰ কার্ড বনোৱাৰ কাম আৰম্ভ হয়৷ বালাজী নামৰ এজেন্সী এটাৰ জৰিয়তে আৰম্ভ হোৱা এই কেন্দ্রটোত আৰম্ভণিৰে পৰা প্রতিগৰাকী আবেদনকাৰীৰ পৰা ১৪০টাকৈ অবৈধভাৱে সংগ্রহ কৰি আহিছে৷ জানিব পৰা মতে, আবেদন লিখাৰ বাবে বিশ টকা আৰু স্মার্ট কার্ড প্রদানৰ বাবে ১২০ টকাকৈ সংগ্রহ কৰিছিল সংশ্লিষ্ট কর্মচাৰীকেইজনে৷ এই বিষয়ে সবিশেষ বাতৰি অলপতে নিয়মীয়া বার্তাত প্রকাশ পোৱাৰ পিছতে কামৰূপ মহানগৰ জিলা উপায়ুক্তই তদন্তৰ নির্দেশ দিয়ে৷ সেই নির্দেশ অনুসৰি শুকুৰবাৰে কেন্দ্রটোত উপস্থিত হৈ দায়িত্বপ্রাপ্ত বিষয়াগৰাকীয়ে তদন্ত চলায় তথা সাক্ষ্য গ্রহণ কৰে কর্মচাৰীকেইজনৰ৷ তদন্তত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে উত্থাপিত অভিযোগৰ সত্যতা পোৱা বুলি জানিবলৈ দি আধাৰ কার্ডৰ নামত ধন সংগ্রহ কৰাৰ পৰা বিৰত থাকিবলৈ কঠোৰ নির্দেশ দিয়ে সংশ্লিষ্ট কর্মচাৰীকেইজনক৷ অৱশ্যে তদন্তৰ প্রতিবেদন উপায়ুক্তক জমা দিয়াৰ পিছত উপায়ুক্তই যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব বুলিও জানিবলৈ দিছে তদন্তকাৰী বিষয়াগৰাকীয়ে৷