মহানগৰীত শিক্ষানুষ্ঠানৰ ক’ভিড স্ক্রীনিং চেণ্টাৰ স্থানান্তৰ

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসনে গুৱাহাটী মহানগৰীৰ বিভিন্ন ৱার্ডত পূর্বে স্থাপন কৰা ক’ভিড স্ক্রীনিং এণ্ড কাউন্সিলিং চেণ্টাৰ, চমুকৈ চিএছচিচি অন্য স্থানলৈ স্থানান্তৰ কৰিছে৷ বিশেষকৈ মহানগৰীৰ বিভিন্ন ৱার্ডৰ বিদ্যালয়সমূহত স্থাপন কৰা ক’ভিড পৰীক্ষা অথবা পৰামর্শ কেন্দ্রসমূহ শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ৰোনা মহামাৰীৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ থকা বিদ্যালয়সমূহ পুনৰ খোলাৰ বাবেই স্বাস্থ্য বিভাগে বিদ্যালয়সমূহৰ লগত থকা ক’ভিড কেয়াৰ চেণ্টাৰসমূহ স্থানান্তৰ কৰিছে৷ নতুনকৈ স্থানান্তৰ কৰা ক’ভিড কেয়াৰ চেণ্টাৰসমূহ এনেধৰণৰ–