হাজাৰ হাজাৰ ক্ষুদ্র ফট্কা ব্যৱসায়ীৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ দীপাৱলীলৈ মাজত দুদিন বাকী থকা সময়ত এতিয়া হাহাকাৰ লাগিছে মহানগৰীৰ হাজাৰ হাজাৰ আতচবাজী ব্যৱসায়ীৰ৷ লাখ লাখ টকাৰ আতচবাজী ক্রয় কৰি অন্তিম মুহূর্তত বিক্রীৰ অনুমতি নাপাই মূৰে–কপালে হাত দিছে ব্যৱসায়ীসকলে৷ প্রশাসনে আকস্মিক সিদ্ধান্ত লোৱাৰ অভিযোগ কৰি দুর্গাপূজাৰ দৰে কিয় পূর্বতে নিয়ম বান্ধি নিদিলে বুলি ক্ষুদ্র ফট্কাৰ ব্যৱসায়ীসকলে প্রশ্ণ উত্থাপন কৰে৷ আজি মহানগৰ আৰক্ষী আয়ুক্তৰ কার্যালয়ত পুৱাৰে পৰা শতাধিক ফট্কাৰ ব্যৱসায়ীয়ে ভিৰ কৰে৷ অৱশ্যে আৰক্ষী আয়ুক্তই চৰকাৰৰ নির্দেশনা অনুসৰিহে আতচবাজী বিক্রীৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে প্রশাসনে এক নির্দেশযোগে ৯ নৱেম্বৰত আতচবাজী বিক্রীৰ স্থানো নির্ধাৰণ কৰি দিছিল৷ যাৰ বাবে বহু ব্যৱসায়ীয়ে ক্রয় কৰিছিল আতচবাজী৷ কিন্তু পুনৰ নিষেধাজ্ঞা প্রদান কৰাত এতিয়া ক্ষোভ উজাৰিছে সৰু–বৰ ব্যৱসায়ীসকলে৷ পূর্বতে একো নির্দেশ প্রদান নকৰি অন্তিম মুহূর্তত নিষেধাজ্ঞা জাৰি কৰাত জাঙুৰ খাই উঠিছে ব্যৱসায়ীসকল৷ ইফালে প্রদূষণ নিয়ন্ত্রণ ব’ড দীপাৱলীৰ সময়তহে সাৰ পোৱাত তীব্র ক্ষোভ ব্যক্ত কৰে ব্যৱসায়ীসকলে৷ কল–কাৰখানা, ১৫ বছৰ পুৰণি বাহনক নাকী লগাব নোৱাৰা বিভাগটোক এনে পক্ষপাত নকৰিবলৈ সকীয়াই দিয়ে ব্যৱসায়ীসকলে৷ ব্যৱসায়ীসকলে লকডাউনত এনেই জুৰুলা হৈ থকাৰ পিছত পুনৰ প্রশাসনৰ দুমুখীয়া স্থিতিত এতিয়া আত্মহত্যা কৰাৰ বাহিৰে আন উপায় নাই বুলি মতপোষণ কৰে৷ এইক্ষেত্রত চৰকাৰক শীঘ্রে স্থিতি স্পষ্ট কৰি আতচবাজী বিক্রী কৰিবলৈ অনুমতি দিবলৈ আহ্বান জনায়৷