নিয়মীয়া বাৰ্তা, ১৫ মে’: ক’ভিডৰ গণ সংক্রমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা সান্ধ্য আইনৰ বাবে খাটিখোৱা লোকসকল জীৱন জীৱিকাৰ ক্ষেত্রত ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ লগতে পর্যটনৰ সমান্তৰালভাৱে ক্ষতিগ্রস্ত হৈছে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্রশিল্প খণ্ডটো৷
হস্ততাঁত আৰু বস্ত্রশিল্প খণ্ডটো ক্ষতিগ্রস্ত হোৱাত ৰাজ্যৰ লাখ লাখ শিপিনী–শিল্পীৰ জীৱন–জীৱিকালৈ কাল অমানিশা নামি আহিছে৷ ৰাজ্যৰ আন অঞ্চল বাদেই, গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰা মাটিয়াস্থিত আভা ক্রিয়েচন নামৰ হস্ততাঁত আৰু বস্ত্রশিল্পৰ ক্ষেত্রখনৰ উন্নয়নৰ বাবে কাম কৰি অহা সংস্থাটো সাংঘাতিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই সন্দর্ভত আভা ক্রিয়েচনৰ স্বত্বাধিকাৰী আৰু ৰাজ্যৰ হস্ততাঁত–বস্ত্রশিলৰ ক্ষেত্রখনত প্রায় ২২ বছৰ ধৰি কাম কৰি অহা অনু মণ্ডলে জানিবলৈ দিয়া মতে, বিগত সময়ছোৱাত তেওঁলোকে আজাৰাৰ পৰা কিছু নিলগৰ ৰাণীৰ পৰা চানডুবিৰ সমীপলৈকে অসম–মেঘালয় সীমান্তৰ তেৰখন গাঁৱৰ অৰণ্যৰ ওপৰত নির্ভৰ কৰি চলা বাসিন্দাসকলক লৈ প্রকৃতি সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ কাম আৰম্ভ কৰে৷ সমান্তৰালভাৱে গাঁওকেইখনৰ ৯০ শতাংশ মহিলা আৰু ১০ শতাংশ পুৰুষক লগত লৈ এৰি, মুগাকে ধৰি ১০০ শতাংশৰ প্রাকৃতিক সম্পদৰ পৰা সৃষ্টি কৰা সামগ্রীৰ পৰা হস্ততাঁত আৰু বস্ত্রশিল্পৰ কাম আৰম্ভ কৰিছিল ৷
গাঁওকেইখনৰ ৫২৩টা পৰিয়াল বর্তমান আভা ক্রিয়েচনৰ সৈতে জডিত হৈ আছে ৷ কিন্তু বিগত বর্ষত মার্চ মাহৰ পৰা চলি থকা ক’ভিডকেন্দ্রিক পৰিস্থিতিয়ে তেওঁলোকক বাৰুকৈয়ে মাধমাৰ শোধাইছে৷ যাৰবাবে শিপিনীসকলে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা কাপোৰকে ধৰি হস্ততাঁত আৰু বস্ত্রশিল্পৰ সামগ্রীসমূহ ক্রেতা বা বজাৰৰ অভাৱত বিক্রী নোহোৱাকৈ পৰি আছে৷ যাৰ পৰিমাণ প্রায় ডেৰ কোটি টকা হ’ব৷ ইতিমধ্যে তেওঁ স্বামী অৰূপ বৈশ্যৰ সহযোগত বিগত বর্ষৰ লকডাউনৰ পূর্বে উৎপাদিত কাপোৰ ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী বজাৰত বিপণন কৰিবলৈ সক্ষম হৈছিল৷ আনকি এইক্ষেত্রত এমাজন, ই টি এছ ৱাই আদি ডিজিটেল আৰু অনলাইন মার্কেটিং প্রতিষ্ঠানৰ সহায় লোৱা হৈছিল৷ কিন্তু ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে সকলো স্তব্ধ হৈ পৰে৷