ৰাণীত চিআৰপিএফৰ চাইকেল ৰেলী সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ ‘অংগদান মহান দান আৰু এজন লোকৰ অংগদানে আন এজন মুমূর্ষু লোকৰ জীৱন বচাব পাৰে’ বাণীৰে ১৭৫ চি আৰ পি এফ বেটেলিয়নে তেওঁলোকৰ মুখ্য কার্যালয় ৰাণীকে ধৰি কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত আৰম্ভ কৰিছে এক বিশেষ সজাগতা অভিযান৷ এই উপলক্ষে ১৭৫ চি আৰ পি এফৰ কমাণ্ডেণ্ট সুভাষ চন্দ্র শর্মাৰ নেতৃত্বত ২৬ আৰু ২৭ নৱেম্বৰত বৃহত্তৰ ৰাণী অঞ্চলত এক চাইকেল ৰেলী উলিওৱা হয়৷ ৰেলীত বাহিনীটোৰ উপ–কমাণ্ডেণ্টদ্বয় আব্দুল ৰহিম, ডাঃ অনিল কুমাৰ ঠাকুৰকে ধৰি কেইবাজনো বিষয়া–জোৱানে ভাগ লয়৷ এই সন্দর্ভত কমাণ্ডেণ্ট সুভাষ চন্দ্র শর্মাই কয়– বহু সময়ত দেখা যায় অংগদানৰ সজাগতাৰ অভাৱৰ বাবে একোজন লোক চিকিৎসাধীন অৱস্থাত তিল তিলকৈ মৃত্যুৰ মুখলৈ গতি কৰে৷ অথচ দুর্ঘটনা বা স্বাভাৱিক কাৰণত মৃত্যু হোৱা এজন লোকৰ পৰিয়ালেও মৃত লোকজনৰ বিভিন্ন অংগদান কৰি কেইবাজনো মৃত্যুমুখী লোকৰ জীৱন ৰক্ষা কৰিব পাৰে৷ ইয়াৰ বাবে লাগে মাথোঁ সজাগতা৷