কাইলৈ দিছপুৰ ছুপাৰ মার্কেটৰ উৰণীয়া সেতু উদ্বোধন কৰিব মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ অসমকে ধৰি উত্তৰ–পূবৰ অন্যতমব্যস্ত অঞ্চল হিচাপে পৰিচিত ৰাজ্যৰ ৰাজধানী দিছপুৰ অঞ্চলক যান–জঁটৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে দিছপুৰ ছুপাৰ মার্কেটৰ নৱনির্মিত উৰণীয়া সেতুখন কাইলৈ অর্থাৎ ৪ নৱেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিব৷ নির্ধাৰিত সময়তকৈ ১৪ মাহ পূর্বেই নির্মাণকার্য সম্পূর্ণ কৰি অসমৰ লোকনির্মাণ বিভাগৰ ইতিহাসত এক নতুন মাত্রাৰ সূচনা কৰিবলৈ সক্ষম হোৱা বিভাগটোৱে এতিয়া উৰণীয়া সেতুখন উদ্বোধনী অনুষ্ঠানটো সুকলমে সম্পন্ন কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷

আনহাতে উৰণীয়া সেতুখন আঁচনি অনুসৰি ঠিকে থাকে আছেনে নাই, তাক শেষবাৰৰ বাবে মঙলবাৰে দিনৰ ভাগত পর্যবেক্ষণ কৰে লোকনির্মাণ পথ বিভাগৰ আয়ুক্ত আৰু সচিব ৰাজেশ কেম্পৰাই আৰু মুখ্য অভিযন্তা সঞ্জীৱ শ্যামে৷ আনহাতে আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে দিছপুৰ ক্ষেত্রীয় পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তাকে ধৰি সংশ্লিষ্ট অভিযন্তা, ক্ষেত্র সহায়ক সকলোকে উৰণীয়া সেতুখনৰ নির্মাণকার্য নির্ধাৰিত ৩৬ মাহৰ সলনি মাত্র ২২ মাহৰ ভিতৰতে নির্মাণ কৰি বিভাগলৈ গৌৰৱ কঢ়িয়াই অনা বাবে ধন্যবাদ জ্ঞাপন কৰে৷ ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঠিকাদাৰ আৰু অভিযন্তাসকলক এটা টীমৰ মনোভাবেৰে কাম কৰা বাবে নির্ধাৰিত সময়তকৈ ১৪ মাহ পূর্বে নির্মাণকার্য সম্পন্ন কৰা বিষয়টোৰ শলাগ লোৱা বুলিও আয়ুক্ত আৰু বিশেষ সচিবগৰাকীয়ে সদৰী কৰে৷