আজাৰা–ৰাণী সংযোগী পথত ডাম্পাৰৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ পশ্চিম গুৱাহাটীৰ আজাৰা থানা আৰু ৰাণী আৰক্ষী চকীৰ অধীনৰ আজাৰা ৰাণীগেটৰ পৰা অসম–মেঘালয় সীমান্তৰ ৰাণী শুকুৰবৰীয়া সংযোগী এন ই চি পথছোৱাত দিনে–নিশাই চলি থকা শ শ ডাম্পাৰৰ বাবে প্রায় ১৭ কিঃমিঃ দৈর্ঘ্যৰ পথছোৱাৰ বাসিন্দাসকলৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাত জন্মিছে৷ আনকি এনে ডাম্পাৰৰ বাবে যিকোনো মুহূর্ততে এন ই চি পথছোৱাত ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছেবুলি অঞ্চলটোৰ সচেতন লোকসকলে ব্যক্ত কৰিছে৷

ইতিমধ্যে বিগত সময়ছোৱাত কেইবাটাও সৰু–বৰ দুর্ঘটনা সংঘটিত হৈছে৷ আনকি যোৱা ১৯ ফেব্রুৱাৰীৰ সন্ধিয়া কামৰূপ জিলাৰ আৰক্ষীত কর্মৰত আৰু ৰাণীৰ বিক্রমপুৰৰ বাসিন্দা কলিতা উপাধিৰ লোকজন মটৰচাইকেলৰে কর্তব্যৰ পৰা উভতি আহি থাকোঁতে ৰাণীত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয়৷ ইয়াৰ পূর্বে বিগত সময়ছোৱাত ছাত্র–ছাত্রীকে ধৰি কেইবাজনো নিৰীহ লোকে প্রাণ হেৰুওৱাৰ লগতে বহুজন আহত হ’বলগীয়া হৈছে৷ অঞ্চলটোৰ সচেতন নাগৰিকসকলে জানিবলৈ দিয়া মতে পূর্বতে ৰাণী আৰক্ষী চকীৰ ফালৰ পৰা বিদ্যালয়ৰ শ্রেণী আৰম্ভ আৰু ছুটীৰ সময়ত এন ই চি পথত ডাম্পাৰ চলাচলৰ ক্ষেত্রত নিষেধাক্ষা আৰোপ কৰা হৈছিল৷ তেনেদৰে ৰাইজৰ সুৰক্ষাৰ বাবে সন্ধিয়াৰ পিছত ডাম্পাৰ চলিবলৈ দিয়া হোৱা নাছিল৷ কিন্তু ৰাণী আৰক্ষী চকীৰ বর্তমানৰ ভাৰপ্রাপ্ত বিষয়াজনে এইক্ষেত্রত তেওঁৰ পূর্বৱর্তী ভাৰপ্রাপ্ত বিষয়াসকলৰ দৰে তেনে বাধা নিষেধ আৰোপ নকৰাত পথছোৱাৰ দুয়োফালে থকা চৰকাৰী–বেচৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত শ শ ছাত্র–ছাত্রীয়ে অতি বিপজ্জনকভাৱে শংকাৰ মাজত অহা–যোৱা কৰি থাকিবলগীয়া হৈছে৷ তেনেকৈ নিশাৰ ভাগত পথছোৱাত ভয়তে মানুহ ওলাব নোৱৰা পৰিৱেশৰ সৃষ্টি হৈছে৷

যাৰবাবে ৰাণী আৰক্ষী চকীৰ বর্তমানৰ ভাৰপ্রাপ্ত বিষয়াজনৰ ডাম্পাৰ চলাচলৰ ক্ষেত্রত বিদ্যালয়ৰ পাঠদান আৰম্ভ আৰু ছুটীৰ সময়ত বাধা আৰোপ নকৰাৰ ৰহস্যজনক স্থিতিয়ে ৰাইজৰ মাজত মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ সচেতন নাগৰিকসকলে এইক্ষেত্রত আৰক্ষীৰ ঊর্ধ্বতন কর্তৃপক্ষ আৰু পশ্চিম গুৱাহাটীৰ বিধায়কগৰাকীৰ হস্তক্ষেপ কামনা কৰিছে৷