নিয়মীয়া বার্তা, ২৩ অক্টোবৰঃ ক’ভিড–১৯ৰ নীতি–নির্দেশনা মানি দুর্গতিনাশিনী দেৱী দুর্গাক কালি মহাষষ্ঠীত বেলবোধনেৰে ডবা, কাঁহ, শংখ ধ্বনিৰে পূজাৰ বেদীত প্রতিষ্ঠা কৰা হয়৷ ধর্মীয় বিশ্বাস আৰু পৰম্পৰাগত প্রথাৰে দশভুজাক বেদীত প্রতিষ্ঠা কৰাৰ পাছত এইবাৰ পূজা মণ্ডপসমূহত দেখা নগ’ল ভক্তৰ ভিৰ৷
মহানগৰীত এইবাৰ নাই দুর্গাপূজাৰ উছাহ৷ অনাড়ম্বৰপূর্ণভাৱে জাকজমকতা অবিহনেই বৈদিক ৰীতি–নীতিৰে পূজা সমিতিসমূহে ক’ভিড–১৯ৰ নীতি–নির্দেশনা মানি দেৱী দুর্গাক পূজা–র্চনা আগবঢ়াইছে৷ গুৱাহাটী মহানগৰীত বিগত বর্ষসমূহৰ দৰে পূজাৰ উছাহ নাথাকিলেও পূজা সমিতিসমূহে প্রশাসনৰ পৰা অনুমতি উলিয়াই পূজা অনুষ্ঠিত কৰিছে৷
মহানগৰ আৰক্ষীয়ে প্রকাশ কৰা তথ্য অনুসৰি এইবাৰ গুৱাহাটী মহানগৰীত সর্বমুঠ ৪৬৬খন দুর্গাপূজা সমিতিয়ে পূজা অনুষ্ঠিত কৰিছে৷ এই সমিতিসমূহৰ ভিতৰত পশ্চিম আৰক্ষী জিলাত সর্বমুঠ ১৫৯খন, মধ্য আৰক্ষী জিলাত ১৬৬ আৰু পূব আৰক্ষী জিলাত ১৪১খন দুর্গাপূজা অনুষ্ঠিত কৰিছে৷ ৪৬৬খন দুর্গাপূজাৰ ভিতৰত দুই শতাধিক পূজা সমিতিয়ে ঘট পূজাৰ আয়োজন কৰিছে৷
ইয়াৰ উপৰি পৰম্পৰা ৰক্ষা কৰি মহানগৰীৰ বিভিন্ন স্থানত ব্যক্তিগতভাৱে ঘটপূজাৰে দুর্গাপূজা অনুষ্ঠিত কৰিছে বহু পৰিয়ালে৷ ইফালে দুর্গাপূজাৰ সময়ছোৱাত যাতে আইন–শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি নহয় তাৰ বাবে মহানগৰ আৰক্ষী সষ্টম হৈ পৰিছে৷ তদুপৰি পূজাৰ সময়ছোৱাত দুর্বৃত্তই যাতে কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰিব নোৱাৰে সতর্কতা অৱলম্বন কৰিবলৈ মহানগৰ আৰক্ষী আয়ুক্তই পূজা সমিতিসমূহক আহ্বান জনাইছে৷
ক’ভিড–১৯ৰ বাবে দুর্গাপূজাৰ উছাহ ম্লান পৰিলেও শক্তিৰ অধিষ্ঠাত্রী দেৱী দুর্গাৰ আৰাধনাত মুখৰ হৈ পৰিছে মহানগৰীৰ পূজা মণ্ডপসমূহ৷