মহানগৰীত বিকল ২০ ৱাটাৰ এটিএম

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ ভালুকৰ সাঙীত পৰিণত হৈছে গুৱাহাটী স্মার্টচিটী প্রকল্পৰ আঁচনি৷ ৰাজকোষৰ ২.৯ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত স্মার্টচিটী প্রকল্পৰ অভিলাষী আঁচনিৰ অধীনত ২০টা ৱাটাৰ এ টি এম স্থাপন কৰা হৈছিল যদিও সেইসমূহ সম্প্রতি বিকল হৈ পৰি ৰৈছে৷ মহানগৰবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে পাণবজাৰ, ভঙাগড়, খানাপাৰা, মালিগাঁও আৰু ফাঁচীবজাৰকে ধৰি মহানগৰীৰ ২০টা গুৰুত্বপূর্ণ স্থানত এই প্রকল্পৰ অধীনত ৱাটাৰ এটিএম স্থাপন কৰা হৈছিল যদিও কার্যতঃ এই সপোন বাস্তৱ নহ’ল৷ ৰাজকোষৰ ধন ব্যয় কৰি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ২০১৮ চনত এই এ টি এমসমূহ মুকলি কৰি ইয়াৰ দ্বাৰা মহানগৰবাসী বিশেষভাৱে উপকৃত হ’ব বুলি মত পোষণ কৰে যদিও প্রকৃততে সেয়া হৈ উঠা পৰিলক্ষিত হোৱা নাই৷ ৱাটাৰ এ টি এম স্থাপন কৰাৰ কিছুদিনলৈকে এ টি এমসমূহ চলি আছিল যদিও কিছুদিনৰ পিছতেই এটাৰ পাছত আনটো ৱাটাৰ এ টি এম ক্রমাৎ বিকল হৈ পৰে৷ লক্ষণীয়ভাৱে যোৱা প্রায় দুমাহ ধৰি মহানগৰীৰ বিভিন্ন স্থানত স্থাপন কৰা আটাইকেইটা ৱাটাৰ এ টি এম বিকল হোৱা বাবে সম্পূর্ণৰূপে বন্ধ কৰি ৰখা হৈছে৷ উল্লেখ্য যে ৱাটাৰ এ টি এমসমূহৰ কাৰিকৰী কামৰ বাবে আটাইকেইটা এ টি এমত তলা লগাই বিভাগীয় কর্তৃপক্ষই এ টি এমসমূহ চোৱা–চিতা কৰা কর্মচাৰীসকলৰ পৰা চাবি লৈ যোৱা বুলি পাণবজাৰস্থিত ৱাটাৰ এ টি এমৰ এগৰাকী কর্মচাৰীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে এই এ টি এমসমূহ চোৱা–চিতা কৰাৰ বাবে কর্মচাৰীসকলৰ মাহিলি ৯ হাজাৰ টকা মজুৰি দিয়া হৈছিল যদিও দীর্ঘদিন ধৰি এ টি এমসমূহ বন্ধ থকাৰ বাবে প্রাপ্য মজুৰিৰ পৰা কর্মচাৰীসকল বঞ্চিত হৈছে৷ অৱশ্যে শীঘ্রে এই এ টি এমসমূহ মেৰামতি কৰি বিভাগীয় কর্তৃপক্ষই পুনৰ মুকলি কৰা হ’ব বুলি কর্মচাৰীজনক বিভাগীয় কর্তৃপক্ষই অৱগত কৰোৱা বুলি তেওঁ জানিবলৈ দিছে৷ উল্লেখ্য যে স্মার্টচিটী প্রকল্পৰ অধীনত স্থাপন কৰা প্রায়বোৰ অভিলাষী আঁচনি সম্প্রতি ভালুকৰ সাঙীত পৰিণত হৈছে৷ ৱাটাৰ এ টি এমৰ লেখীয়াকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ৯.৫৩ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ২০টা বায়’ টয়লেটৰ অধিকাংশই সম্প্রতি বিকল হৈ পৰিছে৷ আনহাতে, স্মার্টচিটী প্রকল্পৰ অধীনত চলি থকা প্রজেক্ট জ্যোতিৰ অন্তর্গত ঘৰে ঘৰে বিজুলীবাতি প্রকল্প, মহানগৰীৰ বিভিন্ন পথত স্থাপন কৰিবলগীয়া এল ই ডি ষ্ট্রীট লাইট প্রকল্প, ব্রহ্মপুত্রৰ পাৰৰ সৌন্দর্য বর্ধন প্রকল্প, মাষ্টাৰ চিমেণ্ট ইণ্টিগ্রেটৰ, কমাণ্ড এণ্ড কণ্ড্রোল চেণ্টাৰ প্রকল্প, উমানন্দ মন্দিৰ উন্নীতকৰণ প্রকল্প আদিৰ কাম আজিও সম্পূর্ণ হৈ উঠা নাই৷