বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ ১১টাকৈ ভুৱা সেনা জোৱান

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: আজাৰাত গ্ৰেপ্তাৰ কৰা হৈছে এঘাৰজন ভুৱা সেনা জোৱান। সেনা জোৱানৰ বেশত এই দলটোৱে মহানগৰীৰ বিভিন্ন স্থানত চলাই আহিছিল প্ৰবঞ্চনা। মূল প্ৰবঞ্চক ধিমন কৃষ্ণৰ নেতৃত্বত ভুৱা সেনা জোৱানৰ দলটোৱে গুৱাহাটী বিমান বন্দৰত টহল দি থকা সময়ত আৰক্ষীৰ জালত পৰে ।

লগতে পঢ়কঃ মার্কিন ৰাষ্ট্রপতি হিচাপে কি কি সুবিধা পাব জ’ বাইডেনে, জানেনে?

ভুৱা সেনা জোৱানৰ দলটোৰ পৰা আৰক্ষীয়ে এখন চাৰিচকীয়া বাহন, পাঁচখন মটৰ চাইকেলকে ধৰি সেনাৰ ভুৱা পৰিচয় পত্ৰ জব্দ কৰিছে। এই প্ৰবঞ্চককেইটাই দীৰ্ঘদিনৰে পৰা গাড়ী, মটৰ চাইকেল, ইলেকট্ৰনিক সামগ্ৰী আদি বিক্ৰীৰ নামত প্ৰবঞ্চনা কৰি আহিছিল বুলি জানিব পৰা গৈছে।