অভিযান্ত্রিকৰ প্রৱেশ পৰীক্ষাত ভুৱা পৰীক্ষার্থী

অভিযান্ত্রিকৰ প্রৱেশ পৰীক্ষাত ভুৱা পৰীক্ষার্থী

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ এছ আই কেলেংকাৰিৰ পিছত এইবাৰ বিতর্কত সাঙোৰ খাই পৰিছে যোৱা ৫ ছেপ্ঢেম্বৰত অনুষ্ঠিত জেইইৰ মেইনছ পৰীক্ষা৷ অভিযান্ত্রিকৰ প্রৱেশ পৰীক্ষাত নবহাকৈ এগৰাকী ছাত্র উত্তীর্ণ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, ডাঃ জ্যোতির্ময় দাসৰ পুত্র নীল নক্ষত্র দাসে জেইইৰ মেইনছৰ প্রৱেশ পৰীক্ষাত নবহাকৈ অসমৰ ভিতৰত শীর্ষস্থানত উত্তীর্ণ হয়৷ চিকিৎসক পিতৃয়ে পুত্রক উত্তীর্ণ কৰাবলৈ অইন লোকক ২০ লাখ টকা দি প্রৱেশ পৰীক্ষাত বহুৱাইছিল বুলি অভিযোগ উত্থাপন হৈছে৷ ছ’চিয়েল মিডিয়াত ছাত্রজনৰ এটা অ’ডিও ক্লিপ ভাইৰেল হৈ পৰাৰ পিছতেই এই কেলেংকাৰিৰ তদন্ত বিচাৰি মিত্রদেৱ শর্মা নামৰ এজন লোকে আজাৰা থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) ৪১৯/৪২০/৪০৬ ধাৰাৰ অধীনত ৬২৪/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ এই কেলেংকাৰিত মহানগৰীৰ বৰঝাৰস্থিত ইকম টাৱাৰৰ আই অ’ এন ডিজিটেল জ’ন আৰু আমবাৰীৰ গ্ল’বেল ইডুলাইট নামৰ প্রতিষ্ঠান দুখন সাঙোৰ খাই পৰিছে।