চাৰিখন দুচকীয়া বাহনত দুর্বৃত্তৰ অগ্নিসংযোগ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ মহানগৰীৰ ফাঁচীবজাৰত কালি পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ ফাঁচীবজাৰৰ জেবিজ ৰেষ্টুৰেণ্টৰ সন্মুখত ৰখাই থোৱা চাৰিখনকৈ দুচকীয়া বাহন অচিনাক্ত দুর্বৃত্তই জ্বলাই দিয়া ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

প্রাপ্ত তথ্য মতে পুৱতি নিশা প্রায় ২.৩০ বজাত এজন লোকে হাতত এটা গেলন লৈ জেবিজ ৰেষ্টুৰেণ্ট চৌহদত প্রৱেশ কৰে৷ ইয়াৰ পিছত লোকজনে গেলনৰ পৰা তেল ঢ়ালি ৰখাই থোৱা এখন স্কুটাৰত অগ্ণিসংযোগ কৰাৰ লগতে লোকজনে মুখত বান্ধি অহা কাপোৰখন স্কুটাৰৰ ওপৰত থৈ আঁতৰি যায়৷ কিছু সময় পিছতে প্রচণ্ড শব্দ কৰি স্কুটাৰখনৰ লগতে ওচৰতে থকা আন তিনিখন বাহনলৈ জুই বিয়পি পৰে৷ শব্দ আৰু জুইৰ পোহৰৰ উৎস বিচাৰি কিছু নিলগতে থকা ফাঁচীবজাৰ আৰক্ষী চকীৰ এটি দল ঘটনাস্থলীত উপস্থিত হয় আৰু জেবিজ বিল্ডিঙত থকা পানী পৰিবাহী পাইপৰে জুই নির্বাপিত কৰাৰ চেষ্টা চলায়৷ কিছুসময় পিছতে পাণবজাৰ অগ্ণিনির্বাপক কেন্দ্রৰ পৰা অহা বাহনে জুই নির্বাপন কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হোৱা স্থানৰ কাষতে এটা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক ট্রেন্সফর্মাৰ আছিল৷ ট্রেন্সফর্মাৰত অগ্ণি সংযোগ হ’লে বৃহৎ অঞ্চল এটাত জুই সম্প্রসাৰিত হোৱাৰ আশংকা আছিল৷ মন কৰিবলগীয়া যে দুর্বৃত্তই অগ্ণিসংযোগ কৰাৰ সমগ্র দৃশ্যৰ বাবে জেবিজৰ সঞ্চালক গোপাল জালানে ফাঁচীবজাৰ আৰক্ষীক আজি এখন এজাহাৰ দাখিল কৰে৷