নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ যাত্রীৰ পৰা অধিক ভাৰা সংগ্রহ কৰাৰ লগতে পৰিবহণ বিভাগৰ নীতি–নির্দেশনা উলংঘাকাৰী চিটীবাছ আৰু মেজিকৰ বিৰুদ্ধে বুধবাৰে জিলা পৰিবহণৰ কার্যালয়ৰ এটা অভিযানকাৰী দলে মহানগৰীৰ গণেশগুৰিত অভিযান চলায়৷ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ নির্দেশমর্মে পৰিবহণৰ এনফ’চমেণ্টৰ এটা অভিযানকাৰী দলে গণেশগুৰিৰ ৰাজপথত অভিযান চলাই চিটীবাছসহ মুঠ ২৫খন যাত্রীবাহী বাহন জব্দ কৰে৷ তদুপৰি আইন উলংঘাকাৰী ৪৭খন চিটীবাছ–মেজিকৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ ৰাজপথত চলাচল কৰা একাংশ চিটী বাছ আৰু মেজিকৰ চালক তথা কর্মচাৰীয়ে যাত্রীৰ পৰা বলপূর্বক দুগুণ ভাড়া সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷