ভাৰাঘৰত আশ্রয় বিলাসী ফ্লেটৰ আতংকিত আৱাসীৰ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢ়ৌৱে ৰাজ্যজুৰি বিভীষিকাৰ সৃষ্টি কৰাৰ মাজতেই আজি পুৱাৰ বৰভূঁইকঁপে জোকৰি গ’ল ৰাজ্য৷ পুৱা প্রায় ৭.৫১ বজাত ৬.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পত সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো তীব্র জোকাৰণি অনুভূত হয়৷ ভূগর্ভৰ মাত্র ১০ কিলোমিটাৰ গভীৰত উৎপত্তি হোৱা এই উচ্চ প্রাব্যলৰ ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো তীব্র আতংকৰ সৃষ্টি হয়৷ ঢ়েকীয়াজুলিৰ ভূগর্ভৰ পৰা উৎপত্তি হোৱা ভূমিকম্পৰ ফলত মহানগৰীৰ চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ পুৱা এই উচ্চ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ লগে লগে সকলো লোক ঘৰৰ পৰা দৌৰি বাহিৰলৈ ওলাই আত্মৰক্ষাৰ চেষ্টা চলায়৷ আনহাতে, মহানগৰীৰ সুউচ্চ অট্টালিকাত বাস কৰা লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রায় ৩৩ ছেকেণ্ড ধৰি অনুভূত হোৱা প্রবল জোকাৰণিত হাজাৰ হাজাৰ লোক অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ পৰাত এক অবর্ণনীয় পৰিস্থিতি হয়৷

এই ভূমিকম্পৰ ফলত মহানগৰীৰ বহু অট্টালিকাত ছিঁৰাল ফাট মেলাৰ উপৰি বহু পৰিয়ালৰ বিস্তৰ ক্ষয়–ক্ষতি হয়৷ বিশেষকৈ মহানগৰীৰ ছয়মাইল, বেলতলা, ছার্ভে, গণেশগুৰি, খ্রীষ্টানবস্তি, ভঙাগড়, চানমাৰি, গুৱাহাটী ক্লাব, উলুবাৰী, পল্টনবজাৰ, পাণবজাৰ, ফাঁচীবজাৰ, মালিগাঁও, জালুকবাৰী আৰু গড়চুক অঞ্চলত বহু অট্টালিকাত ছিঁৰাল ফাট মেলাৰ লগতে পকী দেৱাল খহি পৰে৷ উল্লেখ্য যে এই ভূমিকম্পৰ ফলত ভেটাপাৰা আৰু কালাপাহাৰত দুজন লোক গুৰুতৰভাৱে আহত হয়৷ তদুপৰি, এই ভূমিকম্পত মহানগৰীৰ কেইবাটাও ধর্মীয় অনুষ্ঠানৰ লগতে চৰকাৰ আৰু বেচৰকাৰী কার্যালয়ৰ বিস্তৰ ক্ষতি হয়৷ ইপিনে, বেলতলাৰ এলড্রিন এপার্টমেণ্টৰ লিফট খহি পৰাত সুদীর্ঘ সময় ধৰি আৱাসীসকলৰ উঠা–নমা বন্ধ হৈ পৰে৷ লগতে ছার্ভেৰ অমৰ আৰু লক্ষ্মী এপার্টমেণ্ট, গণেশগুৰিৰ পুণ্য এনক্লেভৰ চি ব্লকত বৃহৎ ফাট মেলাত আৱাসীসকল আতংকিত হৈ পৰে৷ ভূমিকম্পৰ পিছতেই বেলতলাৰ লক্ষী এপার্টমেণ্ট আৰু নাৰেংগীৰ কাৰেং নিৱাস এপার্টমেণ্টৰ লগতে মহানগৰীৰ বহু ফ্লেটৰ আৱাসীয়ে ভাৰাঘৰত আশ্রয় লোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে, ভূমিকম্পৰ সময়ছোৱাত জিএমচিএইচকে ধৰি মহানগৰীৰ ব্যক্তিগত হাস্পতালত ভর্তি হৈ থকা ৰোগীৰ লগতে আত্মীয়ৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে কোনো হাস্পতালত অঘটন ঘটাৰ খবৰ পোৱা হোৱা নাই৷