আজি ২.৮৮ লাখ লোকৰ বাবে পানী যোগানৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত ৭খন পানী যোগান আঁচনিৰ অধীনত সম্পূর্ণ হোৱা ১,০১৭টা গৃহ–সংযোগ কাইলৈ ১০.৩০ বজাত আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলক হস্তান্তৰ কৰা হ’ব৷ পশ্চিম গুৱাহাটী, কাঁহিকুছি গাঁও পঞ্চায়তৰ কুঁৱৰীগাঁও পানী যোগান আঁচনি আৰু আমচিং গাঁও পঞ্চায়তৰ অধীনৰ ঝর্ণাবস্তি পানী যোগান আঁচনিৰ প্রাংগণত এই উদ্দেশ্যে অনুষ্ঠিত সভাত সংশ্লিষ্ট বিধায়কসকলে হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিব৷

উল্লেখ্য যে সমগ্র ৰাজ্যখনতে জলজীৱন মিছনৰ অধীনত ২০২১–২২ বিত্তীয় বর্ষত ইতিমধ্যে ২.৮৮ লাখ লোকক খোৱাপানীৰ গৃহ–সংযোগ দিয়া হৈছে৷ ইয়াৰ ভিতৰত অকল জুলাই মাহতে ১ লাখৰো অধিক গৃহ–সংযোগ দিয়া হৈছে৷ আনহাতে, অধিক লোকক পানী যোগান ধৰাৰ বাবে গৃহ–সংযোগৰ কাম চলি আছে৷