বাহনে ভাঙিলে গণেশগুৰিৰ নতুন উৰণীয়া সেতুৰ ডিভাইডাৰ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ গণেশগুৰিৰ নতুন উৰণীয়া সেতুখন উদ্বোধন কৰাৰ এটা দিন পিছতেই সেতুখনত থকা কেইবাটাও প্লাষ্টিকৰ ডিভাইডাৰ ভাঙি পেলায়৷ কালি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নতুন উৰণীয়া সেতুখন উদ্বোধন কৰাৰ সময়তে কোনো অসচেতন লোকে ৱালত পিক পেলাই এক দৃষ্টিকটু পৰিৱেশ সৃষ্টি কৰিছিল৷ আজি পুনৰ উৰণীয়া সেতুখনৰ মাজত থকা কেইবাটাও প্লাষ্টিকৰ ডিভাইডাৰ ভাঙি পেলোৱা ঘটনাক লৈ ব্যাপক চর্চা চলিছে৷ উৰণীয়া সেতুখনৰ মাজত থকা ডিভাইডাৰকেইটা কোনো অচিনাক্ত বাহনে খুন্দিয়াই ভাঙি পেলায় বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷