দুর্গাপূজালৈ মাজত মাত্র এদিনঃ আলোকসজ্জাৰে সজ্জিত গুৱাহাটী মহানগৰী

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ হিন্দু ধর্মাৱলম্বী লোকসকলৰ বৃহত্তম ধর্মীয় আৰু সামাজিক উৎসৱ দুর্গাপূজালৈ মাজত মাত্র এটা দিন৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো হিন্দু ধর্মাৱলম্বী লোকসকলে দুর্গতিনাশিনীক পূজা–র্চনা দিবলৈ সাজু হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুটা বছৰ দুর্গোৎসৱক লৈ আনন্দ–উল্লাস নাছিল যদিও এইবাৰ ক’ভিডমুক্ত পৰিৱেশত মুক্ত মনেৰে দেৱী দুর্গাক আদৰিবলৈ সাজু হৈছে ভক্তিপ্রাণ ৰাইজৰ লগতে দুর্গাপূজা সমিতিসমূহ৷ দুর্গতিনাশিনী দেৱী দুর্গাৰ পূজা–র্চনাৰ বাবে লাখ লাখ টকা ব্যয়েৰে বিভিন্ন আর্হিত মহানগৰীৰ পাঁচ শতাধিক পূজা মণ্ডপ সজাই–পৰাই তোলা হৈছে৷ ভক্তসকলক আকর্ষণৰ বাবে পূজা মণ্ডপসমূহত অঘোষিত প্রতিযোগিতা চলিছে৷ ৰং–বিৰঙৰ আলোকসজ্জাৰে পূজা মণ্ডপসমূহ সজাই–পৰাই তোলাৰ লগতে মহানগৰীৰ বাসগৃহ, শ্বপিং মল, ব্যৱসায়িক প্রতিষ্ঠানসমূহো আলোকসজ্জাৰে সজ্জিত কৰা পৰিলক্ষিত হৈছে৷ দুর্গোৎসৱক লৈ একপ্রকাৰ ৰং–বিৰঙৰ আলোকসজ্জাৰে সুশোভিত হৈ পৰিছে মহানগৰী৷ ২ লাখৰ পৰা ৪০ লাখ টকা পর্যন্ত বাজেটেৰে মহানগৰীত পূজা উদ্যাপনৰ বাবে প্রস্তুতি সম্পন্ন কৰিছে পূজা সমিতিসমূহে৷ মহানগৰীৰ লতাশিল খেলপথাৰত মীনাক্ষি মন্দিৰৰ আর্হিত পূজা মণ্ডপ নির্মাণ কৰা হৈছে৷ একেদৰে উলুবাৰী বাৰোৱাৰী পূজা সমিতিয়ে হীৰক জয়ন্তী বর্ষ উদ্যাপনৰ প্রস্তুতি সম্পূর্ণ কৰিছে৷ ১৩ লাখ টকাৰ বাজেটেৰে বৃহত্তৰ নাৰেংগী দুর্গাপূজা সমিতিয়ে কেদাৰনাথ মন্দিৰৰ আর্হিত মণ্ডপ নির্মাণ কৰিছে৷ ফটাশিল আমবাৰী ৰথখোলা সার্বজনীন পূজা সমিতিয়ে চাবুদানা, ময়ূৰপাখি, পানীৰ বটল, প্লাষ্টিকৰ চামুচেৰে দেৱীৰ প্রতিমা নির্মাণ কৰিছে৷ আঠগাঁও সার্বজনীন দুর্গাপূজা সমিতিয়ে ২০ লাখ টকাৰ বাজেটেৰে ড্রিমলেণ্ডৰ আর্হিত পূজা মণ্ডপ নির্মাণ কৰি ভক্তক আকর্ষণৰ চেষ্টা কৰিছে৷ বেলতলা লক্ষ্মী মন্দিৰ দুর্গাপূজা সমিতিয়ে ১৫ লাখ টকাৰ বাজেটেৰে পূজা উদ্যাপনৰ প্রস্তুতি সম্পূর্ণ কৰিছে৷ ছাত্রীবাৰী সার্বজনীন দেৱপূজাস্থান সমিতিয়ে পুথিভঁৰালৰ আর্হিত মণ্ডপ নির্মাণ কৰিছে৷ বিষ্ণুপুৰত ২২ লাখ টকাৰ বাজেটেৰে কম্বোদিয়াত থকা বিশ্বৰ সর্ববৃহৎ বিষ্ণু মন্দিৰৰ আর্হিত পূজা মণ্ডপ নির্মাণ কৰিছে৷ মহানগৰীত পাঁচ শতাধিক দুর্গাপূজা সমিতিয়ে যাতে শান্তিপূর্ণভাৱে দুর্গোৎসৱ উদ্যাপন কৰিব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসন আৰু মহানগৰ আৰক্ষীয়ে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ পূজাৰ সময়ছোৱাত মহানগৰীত যাতে কোনোধৰণৰ কূটাঘাতমূলক কার্য সংঘটিত নহয়, তাৰ বাবে মহানগৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷

Featured