বৰষুণসৃষ্ট কৃত্রিম বানত মহানগৰীৰ ৩৫ হাজাৰ লোক ক্ষতিগ্রস্ত

নিয়মীয়া বাৰ্তা, ১৮ জুন: ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীত বিগত পাঁচ দিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কৃত্রিম বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ লৈছে৷ নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, ৰুক্মিণীগাঁৱকে ধৰি বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে৷ আজি পুৱাৰে পৰা বতৰ ফৰকাল হোৱাত অনিল নগৰ আৰু নবীন নগৰৰ বান পৰিস্থিতি কিছু পৰিমাণে হ্রাস পাইছে৷ অনিল নগৰ আৰু নবীন নগৰৰ মূল ৰাজপথ আৰু বাসগৃহসমূহৰ পৰা পানী ওলাই গ’লেও ৰুক্মিণীগাঁও, হাতীগাঁও আদিকে ধৰি বিভিন্ন অঞ্চলৰ পথ, উপ–পথ এতিয়াও বানত ডুবি আছে৷

সোমবাৰৰ নিশাৰ পৰা একেৰাহে হোৱা বৰষুণৰ ফলত একপ্রকাৰ স্তব্ধ হৈ পৰিছে মহানগৰীৰ জনজীৱন৷ কৃত্রিম বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও জলমগ্ন হৈ থকা অঞ্চলসমূহত বসবাস কৰা লোকসকলে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকাৰীয়ে প্রকাশ কৰা তথ্য অনুসৰি, কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী আৰু দিছপুৰ ৰাজহ চক্র কার্যালয়ৰ অন্তর্গত সর্বমুঠ ৩৪,৪২৯গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে৷ বানত ক্ষতিগ্রস্ত হোৱা লোকসকলৰ ভিতৰত ১৮,৯১৫গৰাকী পুৰুষ, ১২,৬৪৯গৰাকী মহিলা আৰু ২,৮৬৫গৰাকী শিশু৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কামৰূপ মহানগৰ জিলাৰ অধীনস্থ এই দুটা ৰাজহ চক্র কার্যালয়ৰ অধীনত ৫টা বান শিবিৰ স্থাপন কৰি দুর্গতসকলক ৰখাৰ ব্যৱস্থা কৰিছিল জিলা প্রশাসনে৷

গুৱাহাটী ৰাজহ চক্র কার্যালয়ৰ অধীনত ২টা আৰু দিছপুৰ ৰাজহ চক্র কার্যালয়ৰ অধীনত ৩টা বান শিবিৰ স্থাপন কৰি দুর্গতসকলক সহায় কৰাৰ লগতে এছডিআৰএফ, এনডিআৰএফ, গুৱাহাটী পৌৰ নিগম, আৰক্ষী প্রশাসনৰ সহযোগত বানপীড়িত লোকসকলক উদ্ধাৰ কৰা হৈছে৷ এছডিআৰএফ বাহিনীয়ে ছখনকৈ নাৱেৰে মহানগৰীৰ বানপীড়িত অঞ্চলৰ লোকসকলক উদ্ধাৰ কৰি শিবিৰ আৰু অন্যান্য স্থানলৈ যোৱাৰ সুবিধা কৰিছিল৷ বছৰৰ পিছত বছৰ ধৰি কৃত্রিম বানত জুৰুলা মহানগৰবাসীয়ে বিগত পাঁচ দিন ধৰি হোৱা বৰষুণত দুখ–দুর্দশাৰ মাজেৰে বানৰ মাজত ককবকাই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ এই কৃত্রিম বান ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু বিভাগীয় কর্তৃপক্ষই সুদূৰপ্রসাৰী আঁচনি গ্রহণ কৰিব নে নাই, সেয়া সময়তহে লক্ষণীয় হ’ব৷