গুৱাহাটীৰ ১৫,৩৫৯টা পৰিয়ালক খোৱাপানীৰ যোগান

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ জনস্বাস্থ্য কাৰিকৰী বিভাগে গুৱাহাটীৰ ১নং সংমণ্ডল আৰু ২নং সংমণ্ডলৰ অধীনত মুঠ ১৫,৩৫৯টা পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিছে৷ বিধায়ক ৰেকিবুদ্দিন আহমেদে গুৱাহাটীৰ খোৱাপানী প্রকল্প সন্দর্ভত সোধা এক লিখিত প্রশ্ণৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে এই তথ্য প্রকাশ কৰে৷

মন্ত্রী দাসে গুৱাহাটীৰ ১নং সংমণ্ডলৰ অধীনত ১১,৪৭৯টা পৰিয়ালক আৰু ২নং সংমণ্ডল ৩,৮৮০টা পৰিয়ালক খোৱাপানী যোগান ধৰাৰ তথ্য প্রকাশ কৰে৷ ইয়াৰ উপৰিও বিধায়ক ৰেকিবুদ্দিন আহমেদে পানী যোগান আঁচনি সন্দর্ভত সোধা এক প্রশ্ণৰ উত্তৰত গুৱাহাটীত মুঠ ১১৭খন খোৱাপানীৰ যোগানৰ বাবে আঁচনি লোৱাৰ তথ্য প্রকাশ কৰে৷

ইয়াৰ ভিতৰত ৭৮খন গুৱাহাটী ১নং সংমণ্ডলৰ অধীনত আৰু ৩৯খন ২নং সংমণ্ডলৰ অধীনত লোৱা বুলি তথ্য প্রদান কৰে৷ বর্তমানলৈ ১০৬খন আঁচনিৰ কাম শেষ হৈছে আৰু ১১খন আঁচনিৰ কাম চলি থকা বুলি মন্ত্রী ৰঞ্জিত কুমাৰ দাসে তথ্য প্রদান কৰে৷