পাহাৰৰ বাসিন্দাক বিদ্যুৎ সংযোগৰ নামত অনিয়ম

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   গুৱাহাটীৰ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলক বিদ্যুৎ সংযোগ দিয়াৰ নামত ব্যাপক ধন সংগ্রহৰ অভিযোগ উত্থাপিত হৈছে৷ গুৱাহাটীৰ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলক বিদ্যুৎ সংযোগ দিয়াৰ ক্ষেত্রত জিলা প্রশাসনে আৰোপ কৰা নিষেধাজ্ঞা শেহতীয়াকৈ যোৱা ফেব্রুৱাৰী মাহত উঠাই লৈছিল৷ ইয়াৰ পিছতে বিদ্যুৎ সংযোগ প্রদানৰ যাৱতীয় কাম–কাজ আৰম্ভ হৈছিল৷ কিন্তু ক’ভিড–১৯ক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে কাম–কাজ বন্ধ হৈ আছিল৷ আগষ্ট মাহৰ শেষৰ সপ্তাহৰ পৰা গুৱাহাটীৰ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলক বিদ্যুৎ সংযোগ দিয়াৰ কাম আৰম্ভ হয়৷ বিগত কেইবাবছৰ ধৰি গুৱাহাটী পাহাৰ অঞ্চলত লোকসকলে বিদ্যুৎ সংযোগ লাভৰ পৰা বঞ্চিত হৈ আহিছে৷ বিদ্যুৎ সংযোগ লোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা উঠাই লোৱাৰ পিছতে নতুনকৈ বিদ্যুৎ সংযোগ ল’বৰ বাবে পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলে বিদ্যুৎ বিভাগৰ কার্যালয়ত ভিৰ কৰা পৰিলক্ষিত হয়৷ নতুনকৈ বিদ্যুৎ সংযোগ লাভৰ বাবে প্রয়োজনীয় যাৱতীয় নথি–পত্র প্রদানৰ নামত এটা অসাধু চক্রই পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলৰ পৰা ধন সংগ্রহত নামি পৰে৷ অসাধু চক্রটোৱে বন বিভাগৰ পৰা নথি–পত্র উলিওৱাৰ নামত প্রতিটো পৰিয়ালৰ পৰা ২০০০–৫০০০ টকাকৈ সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ইয়াৰ উপৰি বিদ্যুৎ বিভাগৰ একাংশ কর্মচাৰীয়েও নতুনকৈ বিদ্যুৎ সংযোগ প্রদানৰ নামত গ্রাহকসকলৰ পৰা ধন সংগ্রহ কৰি অহাৰ অভিযোগ উথাপিত হৈছে৷ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলে নতুনকৈ বিদ্যুৎ সংযোগ লাভৰ বাবে আবেদন কৰিছে যদিও বিভিন্ন কাৰণত বিদ্যুৎ সংযোগ দিয়াৰ ক্ষেত্রত পলম হ’ব বুলি বিদ্যুৎ বিভাগৰ একাংশ বিষয়া–কর্মচাৰীয়ে গ্রাহকসকলক আভুৱা–ভাঁৰি আহিছে৷ সোনকালে বিদ্যুৎ সংযোগ লাভ কৰিবলৈ গ্রাহকসকলেও বিদ্যুৎ বিভাগৰ এই অসাধু বিষয়া–কর্মচাৰীক ধন আদায় দিবলগীয়া হৈছে৷ একাংশ গ্রাহকে নিজেই বিদ্যুৎ খুঁটা ক্রয় কৰিছে৷ নিয়ম অনুসৰি আই এছ আই মার্ক থকা কোম্পানীৰ বিদ্যুতৰ খুঁটাহে গ্রাহকে ক্রয় কৰিব লাগে৷ কিন্তু গুৱাহাটীৰ বিভিন্ন স্থানত আই এছ আই মার্ক নথকা বিদ্যুতৰ খুঁটা বিক্রী কৰি আহিছে একাংশ ব্যৱসায়ীয়ে৷ গুৱাহাটীৰ পাহাৰ অঞ্চলত নতুনকৈ বিদ্যুৎ সংযোগৰ নামত চলি থকা দুর্নীতি আৰু ব্যাপক ধন সংগ্রহৰ বিৰুদ্ধে বিভাগে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷