যান–জঁট নিয়ন্ত্রণ নকৰিলে বাতিল হ’ব গুৱাহাটীৰ শ্বপিং মলৰ ট্রেড লাইচেন্স

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ গুৱাহাটী মহানগৰীত সুচল যাতায়াত ব্যৱস্থা প্রদানৰ বাবে আইটিএমএছ পদ্ধতিৰে স্বয়ংক্রিয় ট্রেফিক ছিগনেলৰ ব্যৱস্থা কৰিছে৷ এই সন্দর্ভত  এখন সংবাদ মেল সম্বোধন কৰি আৰক্ষী আয়ুক্ত হৰমিত সিঙে যান–বাহন আইন মানি চলিবলৈ ৰাইজক আহ্বান জনায়৷ সংবাদ মেলত তেওঁ লগতে মহানগৰীত একাংশ শ্বপিং মল, ক’চিং চেণ্টাৰ, ছুপাৰ মার্কেট, ডিপার্টমেণ্টেল ষ্টোৰৰ কর্তৃপক্ষই যান–জঁট নিয়ন্ত্রণৰ বাবে যান–বাহন আৰক্ষীক হেঁচা প্রদান কৰি অহা বুলি উল্লেখ কৰে৷

আৰক্ষী আয়ুক্তগৰাকীয়ে  শ্বপিং মল, ক’চিং চেণ্টাৰ, ছুপাৰ মার্কেট, ডিপার্টমেণ্টেল ষ্টোৰ কর্তৃপক্ষই নিজাববীয়াকৈ যান–জঁট নিয়ন্ত্রণৰ ব্যৱস্থা কৰিব লাগিব৷ তদুপৰি, এনেধৰণৰ প্রতিষ্ঠানসমূহৰ সন্মুখত কোনোধৰণৰ পার্কিং কৰিব নোৱাৰিব৷ অন্যথা এনে শ্বপিং মল, ক’চিং চেণ্টাৰকে ধৰি অন্যান্য ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি ট্রেড লাইচেন্স পর্যন্ত বাতিল কৰিব বুলি আৰক্ষী আয়ুক্ত হৰমিত সিঙে স্পষ্ট কৰি দিয়ে৷ সাংবাদিকৰ প্রশ্নৰ উত্তৰত অনাহকত চাইৰেন বজাই অতিষ্ঠ কৰা বাহনৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে কয়৷