ইণ্ডিয়া নেক্সট মাষ্টাৰ কিডছৰ ছিং ইয়ং ষ্টাৰ ফাষ্ট ৰানাৰ্ছ আপ দিশা দেৱ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ পাণ্ডু ট্ৰেনগুলাৰ কলনিৰ বাসিন্দা দিশা দেবে ইণ্ডিয়া নেক্সট মাষ্টাৰ কিডছৰ ছিং ইয়ং ষ্টাৰ ফাষ্ট ৰানাৰ্ছ আপ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । লকডাউনৰ সময়ত মুম্বাইত অনলাইনযোগে অনুষ্ঠিত হোৱা সংগীত প্ৰতিযোগিতাত এই সন্মান লাভ কৰিছে কিশোৰী দিশা দেৱে । ১২টি ভাষাত গীত গাব পৰা দিশাই ইতিমধ্যে অসমতো কেইবাটাও সন্মান লাভ কৰিছে । ইয়াৰ উপৰিও দিশাই লকডাউনৰ সময়ত ‘ফিলঙচ’ নামৰ এখন ইংৰাজী কবিতা পুথি লিখি উলিয়াইছে । কিশোৰীগৰাকীৰ এনে প্ৰতিভাক লৈ পৰিয়ালবৰ্গ লগতে গৰ্বিত হৈ পৰিছে সমগ্ৰ পাণ্ডু অঞ্চল ।লগতে দিশাৰ এনে সাফল্যত স্থানীয় জনসাধাৰণৰ লগতে বিভিন্ন দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে ।