জালুকবাৰীত বিজেপিৰ কর্মী–সমর্থকৰ ব্যাপক প্রচাৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল:  সমগ্র ৰাজ্যত দলীয় প্রার্থীৰ হকে নির্বাচনী প্রচাৰ অভিযান চলাই অহা ড০ হিমন্ত বিশ্ব শর্মাই নিজ সমষ্টিতেই ভালদৰে চলাব পৰা নাই প্রচাৰ অভিযান৷ তাৎপর্যপূর্ণ কথা এই যে জালুকবাৰী সমষ্টিৰ মধ্যমণি তথা সমষ্টিবাসী জনগণৰ হিয়াৰ আমঠু ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচাৰ অভিযান অবিহনেই সমষ্টিবাসী ভোটাৰ ৰাইজে তেওঁলোকৰ দিক্দর্শক ড০ হিমন্ত বিশ্ব শর্মাক এইবেলিৰ বিধানসভা নির্বাচনত বিপুল ভোটত জয়যুক্ত কৰি আনিব বুলি তেওঁলোক প্রতিশ্রুতিবদ্ধ৷

জালুকবাৰী মণ্ডল বিজেপিৰ সভাপতি পিয়াল দে’, জালুকবাৰী কেন্দ্রীয় নির্বাচনী কার্যালয়ৰ সভাপতি কমল দে’ আৰু সাধাৰণ সম্পাদক দ্বিজেন লহকৰে এই সন্দর্ভত জানিবলৈ দিয়া মতে জালুকবাৰী সমষ্টিৰ ভোটাৰ ৰাইজ ৰাজ্যৰ আন সমষ্টিৰ ভোটাৰ ৰাইজতকৈ কিছু ক্ষেত্রত অনন্য৷ জালুকবাৰী সমষ্টিৰ ভোটাৰ ৰাইজৰ মূল দিক্দর্শক হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ জালুকবাৰী সমষ্টিৰ ভোটাৰ ৰাইজৰ সৈতে ড০ হিমন্ত বিশ্ব শর্মাৰ যি আত্মীয়তা আছে সেয়া অতুলনীয়৷

ড০ হিমন্ত বিশ্ব শর্মা জালুকবাৰী সমষ্টিৰ ভোটাৰ ৰাইজৰ ওচৰলৈ নাহিলেও, সেয়া এক নগণ্য কথাহে৷ জালুকবাৰী সমষ্টিৰ ভোটাৰ ৰাইজে এইবেলিৰ সাধাৰণ নির্বাচনত দেখুৱাই দিব যে প্রার্থীগৰাকীয়ে নিজ সমষ্টিত নির্বাচনী প্রচাৰ অভিযান নচলালেও কেনেকৈ প্রার্থীগৰাকীয়ে বিপুল ভোটত জয়যুক্ত হ’ব পাৰে৷

কেন্দ্রীয় কার্যালয়ৰ সভাপতি কমল দে’ আৰু সাধাৰণ সম্পাদক দ্বিজেন লহকৰে পুনৰ এইবুলি সদৰী কৰে যে জালুকবাৰী সমষ্টিৰ সকলো শ্রেণীৰ জনগণ ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচাৰ অভিযানত নামি পৰিছে৷ কোনো এজন ভোটাৰ এইক্ষেত্রত পিছপৰি থকা নাই৷ অতি উছাহেৰে চলাই গৈছে নির্বাচনী প্রচাৰ অভিযান৷

বৃহত্তৰ পাণ্ডু, মালিগাঁও,বৰিপাৰা আদিকে ধৰি প্রতিটো অঞ্চলৰ ৰাইজ স্বতঃস্ফূর্তভাৱে ওলাই আহিছে ড০ শর্মাৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ৷ অহা ২ মে’ত জালুকবাৰী সমষ্টিৰ ভোটাৰ ৰাইজে দেখুৱাই দিব যে প্রচাৰ অভিযান অবিহনে প্রার্থী এগৰাকীয়ে কেনেকৈ বিপুল ভোটত বিজয় সাব্যস্ত কৰিব পাৰে৷