মহানগৰৰ জনকপুৰৰ পৰা নিৰুদ্দেশ ৰাজ্য চৰকাৰৰ প্ৰাক্তন কৰ্মচাৰী

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ   গুৱাহাটীৰ কাহিলিপাৰাৰ জনকপুৰৰ পৰা আজি এগৰাকী লোক পুৱা ১০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। তেওঁ ৰাজ্য চৰকাৰৰ ডি পি আইৰ প্ৰাক্তন কৰ্মচাৰী কুমুদ দত্ত। ৭৪ বছৰীয়া কুমুদ দত্ত ডিমেনছিয়া ৰোগত আক্ৰান্ত হৈ আছিল। পৰিয়ালৰ অজানিতে আজি জনকপুৰৰৰ নিজ বাসভৱনৰ পৰা মানুহগৰাকী ওলাই যায়। বিচাৰ-খোঁচাৰ কৰি তেওঁৰ সন্ধান নোপোৱাত সংবাদ মাধ্যমৰ ওচৰত এই বিষয়ে অৱগত কৰে। স্বাভাবিকতে পৰিয়ালৰ লোকসকল অতি চিন্তিত হৈ আছে। কোনো লোকে তেওঁৰ সম্ভেদ পালে ৭০৯৯৬২১৯৭০ অথবা ৯৮৫৯৪২২৯৪০ মোবাইল নম্বৰত জনাবলৈ অনুৰোধ জনাইছে।