চুলাইৰ ভাটি উচ্ছেদঃ আটক এক

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্রই লকডাউন–আনলকৰ মাজতো মহানগৰীত দেশী–বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷ আজি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্রই পাণ্ডু, পূব বৰাগাঁও, গোসাঁইগাঁও আৰু আঠগাঁৱৰ ৰে’ললাইনত চুলাই মদ বিক্রী আৰু প্রস্তুত কৰা ভাটিত একবৃহৎ অভিযান চলায়৷ অভিযানকালত সৰু–বৰ কেইবাটাও চুলাই প্রস্তুত কৰা ভাটি ধ্বংস কৰাৰ লগতে চুলাই প্রস্তুত কার্যত ব্যৱহূত, ৫০০ লিটাৰ পাছ, প্রায় ৩০০ লিটাৰ চুলাই মদ আৰু চুলাই প্রস্তুত কার্যত ব্যৱহূত প্রায় ৬ যোৰ বিভিন্ন সা–সৰঞ্জাম জব্দ কৰা হয়৷ অভিযানত আঠগাঁৱৰ পৰা অজয় চৌধুৰী (৪৯) নামৰ এজন চুলাই বিক্রেতাক হাতে–লোটে আটক কৰা হয়৷ তেওঁৰ বিৰুদ্ধে অসম আবকাৰী আইন ৫৩ (১)ত গোচৰ ৰুজু কৰি আদালতলৈ প্রেৰণ কৰা হয়৷ অভিযানত পাণ্ডু, বৰঝাৰ, সোণাপুৰ আৰু গুৱাহাটী ৰে’ল আবকাৰী চক্রৰ পৰিদর্শকসকলে সহযোগিতা আগবঢ়ায়৷