মেঘালয়ৰ পৰা ৰাণীৰ মাজেৰে চোৰাং কয়লাৰ সৰবৰাহ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ৰাজ্যত চলি অহা কয়াল, চুপাৰি, গৰুৰ ছিণ্ডিকেট বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিছে৷ কিন্তু বন বিভাগৰ একাংশ অসাধু বিষয়াৰ ছত্রছায়াত পুনৰ গুৱাহাটীৰ মাজেৰে আৰম্ভ হৈছে কয়লাৰ ছিণ্ডিকেট৷ বিগত প্রায় ১৫ দিন ধৰি মেঘালয়ৰ ৰিভয় জিলাৰ পাহাম আৰু জিৰাঙৰ পৰা ছিণ্ডিকেট চক্রটোৱে পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰী আৰু পশ্চিম কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ একাংশ অসাধু বন বিষয়াক মেনেজ কৰি চোৰাং কয়লাৰ সৰবৰাহ কৰি আহিছে৷ অসম–মেঘালয় সীমান্তৱর্তী শুকুৰবৰীয়া, নালাপাৰা খণ্ড বন বিষয়া কার্যালয়ৰ সন্মুখেৰে কয়লা ছিণ্ডিকেট চক্রটোৱে প্রতিদিনে ৮ৰ পৰা ১০খন টাটা ডি আই গাড়ীৰে মেঘালয়ৰ পৰা চোৰাং কয়লা সৰবৰাহ কৰি আহিছে৷ ৰাণী বনাঞ্চলিক কার্যালয়ত কর্মৰত ৰহমান, মালী উপাধিৰ বন বিষয়াৰ পৃষ্ঠপোষকতাত আৰু ৰাভা, শর্মা উপাধিৰ ফৰেষ্ট গার্ডৰ সহযোগত ছিণ্ডিকেট চক্রটোৱে চোৰাং কয়লা সৰবৰাহ কৰি আহিছে৷

মেঘালয়ৰ পৰা অসমলৈ চোৰাংকৈ কয়লা সৰবৰাহত পলাশবাৰী বনাঞ্চলিক বিষয়াৰ কার্যালয়ৰ একাংশ বিষয়া–কর্মচাৰীয়েও সহযোগিতা কৰি অহা বুলিও অভিযোগ উঠিছে৷ প্রাপ্ত তথ্য অনুসৰি, পাহাম আৰু জিৰাঙৰ পৰা সৰু সৰু গাড়ীৰে শুকুৰবৰীয়া আৰু নলাপৰা খণ্ড বন বিষয়াৰ সন্মুখেৰে জয়পুৰ গাঁও হৈ জাৰশাল সংৰক্ষিত বনাঞ্চলৰ মাজেৰে চেঁচা–বৰপ্রতিমা হৈ ভোলাগাঁৱলৈ সৰবৰাহ কৰিছে চোৰাং কয়লা৷ ভোলাগাঁৱৰ আলী উপাধিৰ লোকজনৰ ইটাভাতালৈ মেঘালয়ৰ পৰা প্রতিদিনে ৮–১০খন চোৰাং কয়লাভর্তি ট্রাক খণ্ড বন বিষয়াৰ কার্যালয়ৰ সন্মুখেৰে পাৰ হৈ অহাৰ পিছতো বন বিভাগে আজিলৈকে এখনো কয়লাভর্তি গাড়ী জব্দ কৰিব পৰা নাই৷ আজি পলাশবাৰী থানাৰ আৰক্ষীয়ে এ এছ–০১ এফ চি–৮৫৯০ নম্বৰৰ চোৰাং কয়লাভর্তি টাটা ডি আই বাহনখন জব্দ কৰাৰ পিছতে ৰাণী হৈ চোৰাং কয়লাৰ সৰবৰাহ হৈ থকা বিষয়টো পোহৰলৈ আহে৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই কয়লা সৰবৰাহ কৰা বাহনখনৰ চালক–হেণ্ডিমেনে পলাই যাবলৈ সক্ষম হয়৷ ৰাণী, পলাশবাৰী আৰু লোহাৰঘাট বনাঞ্চলিক কার্যালয়ৰ বিষয়া–কর্মচাৰীৰ জ্ঞাতসাৰে মেঘালয়ৰ পৰা চোৰাং কয়লাৰ সৰবৰাহ কৰি অহা ছিণ্ডিকেট চক্রটোৰ বিৰুদ্ধে বন বিভাগ আৰু ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷