মূকাভিনেতা মিনাংক ডেকাৰ নেতৃত্বত মহানগৰীত “স্বচ্ছতা” প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ৯ এপ্রিল:  আজি নিৰ্বাক গোষ্ঠী আৰু গুৱাহাটী পৌৰনিগমৰ ৪৯ নং ৱাৰ্ডৰ পাৰিষদ অৰূপ ডেকাৰ উদ্যোগত মূকাভিনয়ৰে “স্বচ্ছতা” প্ৰদৰ্শন কৰা হয়। এই মূকাভিনয়ৰে ৰাইজক শিল্পী সকলে য’তে ত’তে জাৱৰ জোথৰ নেপেলাব, বাটে ঘাটে আৰু কিমান পিকাব ! ডিঙিত এটা বাল্টি ওলোমাই লওঁক, নদীত জাৱৰ নেপেলাব ইত্যাদি বাৰ্তা প্ৰেৰণ কৰে। এই নাটৰ পৰিকল্পনা আৰু পৰিচালনা যুৱ মূকাভিনেতা মিনাংক ডেকাৰ। এই অনুষ্ঠানত ৪৯ নং ৱাৰ্ডৰ পাৰিষদ অৰূপ ডেকাৰ লগতে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।