ক’ভিড প্রট’কল উলংঘাৰে বজাৰত গ্রাহকৰ ভিৰ

গুৱাহাটীত ক’ৰোনাত আক্রান্তৰ সংখ্যা ১৫ হাজাৰ অতিক্রম

নিয়মীয়া বাৰ্তা ১৩ মেঃ ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰীত মহামাৰী ক’ৰোনাত আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ ক’ৰোনাৰ ভয়াৱহ সংক্রমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ ৰাজ্য চৰকাৰে জাৰি কৰা কঠোৰ ক’ভিড প্রট’কলৰ পিছতো একাংশ অসচেতন লোকে ইয়াক উলংঘা কৰি অহা পৰিলক্ষিত হৈছে৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসনে তিনিটাকৈ ৱার্ডক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ ক’ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ পিছতো একাংশ লোকে ক’ভিড প্রট’কল উলংঘাৰে বিভিন্ন স্থানত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ একাংশ অসচেতন লোকে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান নকৰাকৈ বজাৰত ভিৰ কৰিছে৷

ক’ভিড প্রট’কলক ভেঙুচালি কৰি গণসংক্রমণৰ পৰিৱেশ সৃষ্টি কৰা ভয়াৱহ দৃশ্য আজি মহানগৰীৰ উজানবজাৰ–বামুণীম, নাৰেংগী, চন্দ্রপুৰ, গোৱর্ধনা মাছঘাটকে ধৰি বিভিন্ন স্থানত দেখা গ’ল৷ আজি ক’ভিড প্রট’কল উলংঘাৰে হাজোংবড়ি আৰু গোৱর্ধনা মাছঘাটত ভিৰ কৰা পৰিলক্ষিত হয়৷ বোন্দা, নাৰেংগী, নুনমাটি, মায়ং আদিৰ পৰা অহা ব্যৱসায়ীসকলে মাছঘাট দুটাত ক’ভিড প্রট’কল উলংঘাৰে ক্রয়–বিক্রয় কৰে৷ এই মাছঘাট দুটাৰ পৰা গণসংক্রমণ হোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে৷ সেয়েহে এইক্ষেত্রত প্রশাসনক ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে সচেতন ৰাইজে৷

উল্লেখ্য যে ক’ৰোনাৰ ভয়াৱহতাক লৈ সজাগতা সৃষ্টি কৰাৰ বাবে চৰকাৰ আৰু জিলা প্রশাসনে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যদিও একাংশ লোকে ক’ভিডৰ ভয়াৱহতাক লৈ আজিও সজাগ নহ’ল৷ যাৰ পৰিপ্রেক্ষিতত গুৱাহাটী মহানগৰীত প্রতিদিনে হাজাৰ হাজাৰ লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ২০–৩০জনকৈ লোক মৃত্যুমুখত পৰিছে৷ ক’ভিডৰ ভয়াৱহ গণসংক্রমণ ৰোধ কৰাৰ বাবে আজি ৰাজ্য চৰকাৰে নতুন এছ’পি জাৰি কৰে৷ পূর্বতে বিয়লি ২ বজাত দোকান–পোহাৰ বন্ধৰ নির্দেশনা আছিল যদিও কালিলৈ পৰা দিনৰ ১ বজাত দোকান–বজাৰ বন্ধ কৰাৰ নির্দেশ জাৰি কৰে৷ লগতে বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ চলা–ফুৰাত নিষেধাজ্ঞা জাৰি কৰে৷ এই নির্দেশনা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে আৰক্ষী প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷