নুনমাটিত তিনি যুৱকক সংস্থাপনৰ বাবে সহায়ৰ হাত এচিপিৰ

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে মহানগৰ আৰক্ষীয়ে নাগৰিক সমিতিৰ সহযোগত ৰাইজৰ মাজত অব্যাহত ৰাখিছে ড্রাগ্ছবিৰোধী সজাগতা অভিযান৷ এই অভিযানৰ অংশ হিচাপে মধ্য আৰক্ষী জিলাৰ অন্তর্গত নুনমাটি থানা আৰু নুনমাটি কেন্দ্রীয় নাগৰিক সমিতিৰ সহযোগত ড্রাগ্ছৰ কৰাল গ্রাসৰ পৰা মুক্ত হৈ উভতি অহা কেন্দুগুৰিৰ নিশান্ত ছেত্রী, নুনমাটিৰ সঞ্জীৱ ডেকা আৰু ফৰেষ্টগেটৰ বিশেষভাৱে সক্ষম পৰিমল দাসক ক্ষুদ্র ব্যৱসায় আৰম্ভ কৰাৰ বাবে সহায়ৰ হাত আগবঢ়ায় অতিৰিক্ত আৰক্ষী আয়ুক্ত নীলোৎপল ডেকাই৷ এই উপলক্ষে নুনমাটি থানা চৌহদত নুনমাটিৰ কেন্দ্রীয় নাগৰিক সমিতিৰ সভাপতি দিলীপ তাৰুৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে তিনিওজনকে টেবুল, চকী, গেছৰ চুলা, চিলিণ্ডাৰ আৰু ম’ম’ বনোৱা বাচন–বর্তন যোগান ধৰে৷ এই সভাত নুনমাটি থানাৰ ভাৰপ্রাপ্ত বিষয়া পৱিত্র ভূঞা, নাগৰিক সমিতিৰ উপ–সভাপতি ফণীধৰ দাস, সাধাৰণ সম্পাদত হিকমত আলী, কিৰণ মহন্ত, পৱিত্র দাসকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে৷ সভাত ড্রাগ্ছ সেৱন কৰি দিক্বিদিক হেৰুৱাই পেলোৱা নিশান্ত ছেত্রী আৰু সঞ্জীৱ ডেকা নামৰ যুৱক দুজনে নিচাৰ কবলৰ পৰা মুক্ত হৈ অতিৰিক্ত আয়ুক্তগৰাকীৰ তৎপৰতাত এক নতুন জীৱন লাভ কৰাত আৱেগবিহ্বল হৈ পৰে৷