নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ পেট্র’লৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল–সংগঠনে প্রতিবাদ অব্যাহত ৰখাৰ মাজতে গুৱাহাটী মহানগৰীত চলাচল কৰা অ’লা–উবেৰ–ৰেপিডোৰ বাইকচালকে তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ পেট্র’লৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্রতিবাদত কাইলৈৰ পৰা অনির্দিষ্টকাললৈ গুৱাহাটী মহানগৰীত চলাচল কৰা অ’লা–উবেৰ–ৰেপিডোৰ বাইকসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
সোমবাৰে গুৱাহাটী মহানগৰীৰ গণেশগুৰিকে ধৰি অন্যান্য স্থানত অ’লা–উবেৰ–ৰেপিডোৰ বাইকৰ চালকসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰি কেব সেৱাত নিয়োজিত চালকসকলৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা চলায়৷ প্রতিবাদী চালকসকলৰ অভিযোগ অনুসৰি দৈনন্দিন পেট্র’লৰ দাম বৃদ্ধি পাইছে যদিও সেই অনুপাতে অ’লা–উবেৰ–ৰেপিডোৰ বাইক সেৱাৰ ভাৰা বৃদ্ধি হোৱা নাই৷
এফালে পেট্র’লৰ অস্বাভাৱিক মূল্যবৃদ্ধি আনফালে, অ’লা–উবেৰ–ৰেপিডো আৰু পে’ইণ্ডিয়া কর্তৃপক্ষই সেই অনুপাতে চালকসকলৰ কমিছন বৃদ্ধি কৰা নাই৷ সেয়েহে চালকসকল দিনে–নিশাই সেৱা আগবঢ়াই জুৰুলা হৈ পৰিছে৷ এইক্ষেত্রত চৰকাৰক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ চালকসকলে আহ্বান জনাইছে৷ মহানগৰীৰ গণেশগুৰি, হাতীগাঁও, ছয়মাইল, পাঞ্জাবাৰী, চানমাৰি, গুৱাহাটী ক্লাব, পল্টনবজাৰ, মালিগাঁও, জালুকবাৰী, আদাবাৰী, লখৰা, গড়চুক আদি অঞ্চলত আজি শতাধিক চালকে পৃথকে পৃথকে প্রতিবাদ সাব্যস্ত কৰে৷
তদুপৰি যিসকল চালক এতিয়াও অ’লা–উবেৰ–ৰেপিডোৰ বাইক সেৱাত নিয়োজিত হৈ আছে সেইসকলক শীঘ্রে সেৱা বন্ধ কৰিবলৈ আহ্বান জনায়৷ লক্ষণীয়ভাৱে কেব চালকসকলৰ কেইবাটাও সংগঠনে এইক্ষেত্রত মৌনতা অৱলম্বন কৰা দেখা গৈছে৷ উল্লেখ্য যে বহিঃৰাজ্যৰ প্রতিষ্ঠান অ’লা–উবেৰ–ৰেপিডোৰ কর্তৃপক্ষই দীর্ঘদিন ধৰি থলুৱা চালকসকলক শোষণ কৰি আহিছে৷ আৰম্ভণিতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা শ শ নিবনুৱা যুৱকে বেংকৰ পৰা ঋণ লৈ বাহন ক্রয় কৰি মহানগৰীত সেৱা আগবঢ়াই আহিছিল৷ কিন্তু এতিয়া তেওঁলোকে ঋণৰ বোজা মাৰিব নোৱাৰি হাহাকাৰত পৰিছে৷ লকডাউনৰ বাবে যোৱা প্রায় দুবছৰে কেবৰ সেৱা বন্ধ হৈ যোৱাৰ বাবে বহু চালকে ইতিমধ্যে বাহন বিক্রী কৰিবলগীয়া হৈছে৷
আন একাংশই বেংকৰ ঋণ মাৰিব নোৱৰা বাবে বাহনসমূহ টানি লৈ যোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ কেন্দ্রীয় চৰকাৰে বাণিজ্যিক বাহনৰ পার্মিটৰ নামত মাধমাৰ শোধাইছে৷ এইক্ষেত্রত চালকসকলে বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো চৰকাৰে তিলমানো গুৰুত্ব আৰোপ কৰা নাই বুলি প্রতিবাদী চালকসকলে অভিযোগ উত্থাপন কৰে৷ যদিহে চৰকাৰে এইসকল লোকৰ কথা নাভাবে, তেন্তে অনাগত দিনত জংগী আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব বুলিও প্রতিবাদকাৰীসকলে হুংকাৰ দিয়ে৷