ৰাসায়নিক দ্রব্যমুক্ত পাচলি যোগানৰ লক্ষ্যৰে বিপণন ক্ষেত্রত অ’জন ৱাশ্বিং প্লাণ্ট মুকলি

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ মহানগৰবাসীক স্বাস্থ্যসন্মত পাচলি যোগানৰ বাবে পাঞ্জাবাৰীৰ জুৰিপাৰস্থিত বিপণন ক্ষেত্রই বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাসায়নিক দ্রব্য আৰু কীটনাশকমুক্ত পাচলি যোগানৰ বাবে দেওবাৰে বিপণন ক্ষেত্রত উত্তৰ–পূবৰ প্রথমটো ‘অ’জন ৱাছিং প্লাণ্ট’ মুকলি কৰা হয়৷ তদুপলক্ষে বিপণন ক্ষেত্রত আয়োজিত এক অনুষ্ঠানত এই অত্যাধুনিক মেচিনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট চিত্রশিল্পী বীৰেন সিংহ, প্রবীণ অভিনেতা প্রাঞ্জল শইকীয়া, সাহিত্যিক–সাংবাদিক অনুৰাধা শর্মা পূজাৰী আৰু প্রাগ নিউজৰ পৰিচালন সঞ্চালক তথা প্রতিষ্ঠিত ব্যৱসায়ী সঞ্জীৱ নাৰায়ণে৷

সভাত শিল্পী বীৰেন সিংহই ৰাসায়নিক দ্রব্যমুক্ত পাচলি যোগানৰ বাবে বিপণন ক্ষেত্রই গ্রহণ কৰা এই পদক্ষেপৰ শলাগ লৈ ইয়াৰ দ্বাৰা মহানগৰবাসী বিশেষভাৱে উপকৃত হ’ব বুলি মন্তব্য কৰে৷ অনুষ্ঠানত সাহিত্যিক অনুৰাধা শর্মা পূজাৰী, অভিনেতা প্রাঞ্জল শইকীয়া আৰু ব্যৱসায়ী সঞ্জীৱ নাৰায়ণে বক্তব্য আগবঢ়ায়৷ উল্লেখ্য যে এই প্রকল্পৰ জৰিয়তে অ’জনৰ সহায়ত বিক্রীৰ বাবে ৰখা প্রতিবিধ পাচলি পৰিষ্কাৰ কৰাৰ লগতে বীজাণুমুক্ত, ভাইৰাছমুক্ত, বেক্টেৰিয়ামুক্ত ৰসায়নিক দ্রব্য মুক্ত কৰি পেকেজিং কৰা হ’ব৷